প্ৰায়ে আৰক্ষী আৰু জনতাৰ মাজত থকা সম্পৰ্কক লৈ অভিযোগ শুনিবলৈ পোৱা যায়।
সাধাৰণতে ৰাইজ আৰু আৰক্ষীৰ মাজত থকা দূৰত্বক লৈ সময়ে সময়ে বিভিন্ন প্ৰশ্ন উত্থাপন হৈ আহিছে।
কিন্তু শেহতীয়াকৈ চৰকাৰে ৰাজ্যৰ কেইবাগৰাকীও আৰক্ষী অধীক্ষকক বদলিৰ নিৰ্দেশনাৰ পিছতে এখন জিলাত দেখা গ’ল সম্পূৰ্ণ বিপৰীত দৃশ্য।
নিজৰ কৰ্মৰে জনসাধাৰণক কিমান আপোন কৰি ল’ব পাৰি তাৰ উদাহৰণ দেখুৱালে আই পি এছ বিষয়া আনন্দ মিশ্ৰই।
ৰাজ্যত কেইবাগৰাকীও শীৰ্ষ আৰক্ষী বিষয়াৰ লগতে ধুবুৰীৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰকো বদলি কৰাৰ নিৰ্দেশনা জাৰি কৰিছিল।
আৰক্ষী অধীক্ষকগৰাকীক নগাঁৱলৈ বদলি কৰাৰ খবৰ শুনাৰ লগে লগে একাংশ লোক আনন্দ মিশ্ৰৰ চৰকাৰী বাসভৱনত উপস্থিত হয়।
আনন্দ মিশ্ৰক বদলি কৰা হ’ল নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে ৷ আৰক্ষী অধীক্ষকগৰাকীৰ বদলিৰ খবৰ শুনি চিধাই এগৰাকী মহিলা উপস্থিত হয় আনন্দ মিশ্ৰৰ চৰকাৰী বাসভৱনত। আৰক্ষী অধীক্ষকগৰাকীৰ সন্মুখতে হুক হুকাই কান্দি উঠিল মহিলাগৰাকী। ‘ছাৰ’ বুলি সম্বোধন কৰি মহিলাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত ক’লে যে, ছাৰে আমাক বহুত ভাল পাইছিল। আমাক এৰি যাব ওলাইছে।
ছাৰ, আপুনি আমাক এৰি নাযাব- উপস্থিত ৰাইজে সেমেকি উঠা চকুৰে আনন্দ মিশ্ৰক জনালে অনুৰোধ। আৰক্ষী অধীক্ষকগৰাকীয়েও ধুবুৰীৰ ৰাইজৰ মৰম সদায় মনত ৰাখিব বুলি প্ৰতিশ্ৰুতি দিয়ে।
আজি আৰক্ষী অধীক্ষকজনে চৰকাৰী বদলিৰ নিৰ্দেশ মানি ধুবুৰীৰ পৰা নগাঁৱলৈ যোৱাৰ সময়তো বহু লোক সমবেত হৈছিল বিষয়াজনৰ চৰকাৰী বাসভৱনৰ চৌহদত।
আৰক্ষী অধীক্ষকগৰাকীক গামোচা পিন্ধাই সম্বৰ্ধনা জনোৱাৰ লগতে বহুতেই ল’লে প্ৰিয় আৰক্ষী বিষয়াগৰাকীৰ সৈতে একপি ফটো আৰু অটোগ্ৰাফ।
আনন্দ মিশ্ৰৰ বিদায়ৰ সময়ত চকু সেমেকি উঠিল উপস্থিত সকলোৰে। চৰকাৰী বিষয়াজনে ক’লে – এয়া চৰকাৰৰ নিৰ্দেশনা, মই যাবই লাগিব। আপোনালোকে নিজৰ নিজৰ যত্ন ল’ব, ভালদৰে থাকিব।
পিছে কিয় ধুবুৰীবাসীৰ হিয়াৰ আমঠু হৈ পৰিছিল আৰক্ষী অধীক্ষকজন?
দৰাচলে ধুবুৰীত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই যোগদান কৰাৰ পিছৰে পৰা একপ্ৰকাৰ বন্ধ হৈ পৰিছিল কূটাঘাতমূলক কাম–কাজ৷
জিলাখনৰ চাপৰৰ পৰা ছাগলীয়ালৈকে ড্ৰাগছ, নিচাজাতীয় দ্ৰব্য বন্ধ কৰাৰ ক্ষেত্ৰত লৈছিল গুৰুত্বপূৰ্ণ ভূমিকা ৷
Photo: Headline8