ৰাজ্যত দ্ৰুত গতিত বৃদ্ধি হৈছে ক’ৰোনা ভাইৰাছ।
তাৰ প্ৰতি লক্ষ্য ৰাখি ধুবুৰী জিলা উপায়ুক্তই জাৰি কৰিলে গুৰুত্বপূৰ্ণ নিৰ্দেশনা।
এতিয়াৰ পৰা ঘৰৰ পৰা ওলাই গ’লে পৰিধান কৰিব মাস্ক।
নহলে ১০০০ টকা জৰিমনাৰ লগতে দুৰ্যোগ ব্যৱস্থাপনা অধীনত ধাৰা ৫১ আৰু ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত শাস্তি বিহা হব বুলিও ঘোষণা কৰে প্ৰশাসনে।
সামাজিক দূৰত্ব ,আৰু ৰাজহুৱা স্থানত থু খেকাৰ পেলোৱা নিষেধ।
উক্ত নীতি নিয়ম মানি নচলিলে আগন্তুক দিনত ক’ৰোনাই অতি ভয়াৱহ ৰূপ ল’ব বুলি জানিব দিছে ধুবুৰী জিলা প্ৰশাসনে।
বৰ্তমানলৈ জিলা খনত ৩৫ জনৰ ক’ৰোনাত আক্ৰান্ত হোৱাৰ লগতে ১জনৰ মৃত্যু হৈছে।