হীৰা বিক্ৰী কৰোতে সাৱধান! হীৰা ক্ৰয় কৰিবলৈ আহি গ্ৰাহকে দোকানত সলনি কৰি থৈ গ’ল নকল হীৰা।
গুৱাহাটীৰ কালাপাহাৰৰ ভাস্কৰ নগৰ এলেকাৰ এখন অলংকাৰৰ দোকানত সন্দীপ কুমাৰ পাণ্ডে নামৰ এজন লোকে হীৰা ক্ৰয় কৰিবলৈ আহিছিল। গ্ৰাহকজনে দোকানখনত হীৰ ক্ৰয় কৰাৰ প্ৰতিশ্ৰুতি দি দুবাৰকৈ হীৰা টুকুৰা পৰীক্ষা কৰিছিল।
ইয়াৰ পিছতে ৪ জুন তাৰিখে দোকানখনৰ স্বত্বাধিকাৰ প্ৰদীপ দত্তই গ্ৰাহকজনৰ বিৰুদ্ধে ফটাশিল আমবাৰী থানাত ভাৰতীয় দণ্ডবিধিৰ 491/2021 u/s 420/370 নম্বৰত গোচৰ ৰুজু কৰে। জানিব পৰামতে গ্ৰাহকজনে দোকানখনত প্ৰকৃত হীৰাৰ টুকুৰাটোৰ সলনি কৰি নকল হীৰাৰ টুকুৰাটো চোৰ কৰি লৈ যায়।
ইয়াৰ পিছতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত চলাই অভিযুক্ত সন্দীপ কুমাৰ পাণ্ডেক আটক কৰে। পাণ্ডেই আৰক্ষীৰ সোধ-পোছত হীৰা জালিয়াতি কৰাৰ কথা স্বীকাৰ কৰে। উল্লেখ্য যে প্ৰকৃত হীৰাটুকুৰাৰ মূল্য প্ৰায় ২ কোটি টকা।