অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ পিছতে এতিয়া বিপাঙত পৰিছে কণ্ঠশিল্পী বিপিন চাওদাং।
এই মন্তব্যৰ পিছতে সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই বৰ্জন কৰে কণ্ঠশিল্পীগৰাকীক।
শুকুৰবাৰে ডিব্ৰুগড়ত আয়োজন কৰা এক সংবাদমেলত সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই শিল্পীগৰাকীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰাৰ লগতে সংগঠনটোৰ কোনো অনুষ্ঠানতে তেওঁ সংগীত পৰিৱেশন কৰিব নোৱাৰে বুলি মন্তব্য কৰে।
উল্লেখযোগ্য যে, দুদিন পূৰ্বে ডিব্ৰুগড়ত এখন নিৰ্বাচনী সভাত শিল্পী বিপিন চাওদাঙে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈক নিকৃষ্ট মনৰ মানুহ আৰু ক্ষমতাৰ বাবে ‘কা’ আন্দোলন কৰা বুলি মন্তব্য প্ৰদান কৰিছিল।
Photo: Google