ৰাজ্যত দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ৰোনা সংক্ৰমণ।
বৰ্দ্ধিত ক’ৰোনাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই গ্ৰহণ কৰিলে গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
স্থগিত ৰখা হ’ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত থকা সকলো স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষা।
পৰৱৰ্তী নিৰ্দেশনা জাৰি নকৰা পৰ্যন্ত স্থগিত ৰখা হ’ব বিশ্ববিদ্যালয়ৰ খনৰ অধীনত থকা পৰীক্ষা সমূহ এই কথা প্ৰকাশ কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ডঃ পি কে কাকতিয়ে।
২৬ এপ্ৰিলৰ পৰা অনুষ্ঠিত হ’বলগীয়া আছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ সকলো স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষা।
Photo Credit: Google