BTRৰ ৰাইমনা সংৰক্ষিত বনাঞ্চলক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীতকৰণ কৰাৰ পিছত এইবাৰ দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছে বন পৰিৱেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। বুধবাৰে সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে।
২০২০ৰ ডিচেম্বৰত ৰাজ্যপালৰ অনুমোদনৰ পিছত বৰ্ষাৰণ্য দিহিং পাটকাই অভয়াৰণ্যই ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি লাভ কৰাৰ পিছত আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। বিগত বৰ্ষত অবৈধ কয়লা খননৰ বাবে দিহিং পাটকাই বিশেষ চৰ্চাৰ মাজলৈ আহিছিল। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিহিং পাটকাই অভয়াৰণ্যখনক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰিবলৈ বন বিভাগক নিৰ্দেশ দিছিল।