দীপশিখা হাজৰিকাৰ নশ্বৰ দেহ ইতিমধ্যে স্বগৃহ পালেহি। পৰ্বতাৰোহণৰ এডভাঞ্চ প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ গৈ উত্তৰাখণ্ডৰ উত্তৰকাশীৰ হিমালয়ৰ দ্ৰৌপদী কা দাণ্ডা-২ শৃংগ আৰোহণ কৰি ঘূৰি অহাৰ সময়তে হিমস্খলনৰ ফলত সন্ধানহীন হৈ আছিল অসমৰ দীপশিখা হাজৰিকাকে ধৰি ২৯ জন পৰ্বতাৰোহী আৰু প্ৰশিক্ষক।
৪ অক্টোবৰত সংঘটিত হোৱা এই হিমস্খলনৰ পিছতে দেশজুৰি সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্য। ভাৰতৰ পৰ্বতাৰোহণৰ ক্ষেত্ৰখনত সংঘটিত হোৱা এনে বৃহৎ দুৰ্ঘটনা এয়াই প্ৰথম। ৫ দিনৰ মূৰত হিমালয়ৰ বৰফৰ মাজৰ পৰা মৃত অৱস্থাত উদ্ধাৰ হোৱা দীপশিখাৰ মৃতদেহ দেওবাৰে উত্তৰাখণ্ডৰ পৰা প্ৰথমে দিল্লীলৈ আৰু তাৰ পাছত দিল্লীৰ পৰা অসমলৈ বিমানেৰে কঢ়িয়াই অনা হয়। দেওবাৰে নিশা প্ৰায় ১১ বজাত দীপশিখাৰ নশ্বৰ দেহ লৈ তেওঁৰ পিতৃ আৰু ভাতৃ বৰঝাৰ বিমানবন্দৰত উপস্থিত হয়। ইয়াৰ পিছতে অসম পৰ্বতাৰোহণ সন্থাৰ বিষয়ববীয়া আৰু সদস্যৰ লগতে বহু গুণমুগ্ধই পুস্পসজ্জিত বাহনেৰে দীপশিখাৰ নশ্বৰদেহ স্বগৃহলৈ কঢ়িয়াই আনে।
নেহেৰু ষ্টেডিয়ামৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতে দীপশিখাৰ নশ্বৰদেহ লৈ যোৱা হ’ব ফটাশিল গীৰ্জালৈ। তাত ধৰ্মীয় ৰীতি-নীতি সম্পন্ন কৰাৰ পিছত শেষকৃত্য সম্পন্ন কৰা হ’ব। মালিগাঁৱৰ আদিংগিৰি পাহাৰত শেষকৃত্য সম্পন্ন কৰা হ’ব দীপশিখাৰ।