দিছপুৰত অসম চৰকাৰৰ কেবিনেট বৈঠক ইতিমধ্যেই সমাপ্ত হৈছে।আজিৰ বৈঠকত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।উল্লেখ্য যে নতুন চৰকাৰৰ এইখন দ্বিতীয় কেবিনেট বৈঠক।
মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এই বৈঠকত দেৱজিত্ শইকীয়াক অসম চৰকাৰৰ মহাধিবক্তা হিচাপে নিযুক্তি দিয়া হয়।
আজিৰ কেবিনেটত BTR, কাৰ্বি আংলং, ডিমা হাচাওৰ মুখ্য কাৰ্যবাহীলৈ কেবিনেট মৰ্যাদা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
এই তিনিওগৰাকী মুখ্য কাৰ্যবাহীয়ে কেবিনেটমন্ত্ৰীৰ সমানেই সুবিধা লাভ কৰিব।