নিয়মীয়া বাৰ্তাৰ সাংবাদিক অনুপম নাথৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে দিছপুৰ প্ৰেছ ক্লাবে। প্ৰায় দুই দশক ধৰি সাংবাদিক হিচাপে সমাজলৈ সেৱা আগবঢ়াই অহা অনুপম নাথৰ শুক্ৰবাৰে পুৱা দেহাৱসান ঘটে।
দীৰ্ঘদিন ধৰি সাংবাদিক গৰাকী গুৰুতৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল।
তেখেতৰ মৃত্যুত প্ৰেছ ক্লাবে পৰিয়ালৰ শোকৰ সমভাগী হোৱাৰ লগতে পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ৷