গুৱাহাটী মহানগৰীৰ প্ৰাগজ্যোতি সাংস্কৃতিক সমাজৰ ৩৪ সংখ্যক প্ৰতিষ্ঠা দিৱস ২৮ জানুৱাৰীত মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পৰ আলোচনা গৃহত দিনজোৰা কাৰ্য্যসূচীৰে উদযাপন কৰা হয়। দিনৰ ১০.৩০ বজাত প্ৰাগজ্যোতি সাংস্কৃতিক সমাজৰ পতাকা উত্তোলনৰে কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে সমাজৰ সভাপতি ইফতিকাৰ আলীয়ে। তাৰ পাছত পাণবজাৰৰ শুক্লেশ্বৰ ঘাটকে ধৰি গুৱাহাটীৰ বিভিন্ন প্ৰান্তত সমাজৰ সভাপতি ইফতিকাৰ আলী, কাৰ্যকৰী সভাপতি খালিদ ওমৰ আৰু সাধাৰণ সম্পাদক অৰূপ গোস্বামীৰ নেতৃত্বত সমাজৰ এটা দলে বহু দুখীয়া লোকৰ মাজত বিনামূলীয়াকৈ কম্বল আৰু কাপোৰ বিতৰণ কৰা হয়। আনহাতে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সন্ধিয়া ৬.৩০ বজাৰ পৰা “গীত – মাতৰ এসন্ধ্যা” শীৰ্ষক এক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।
অনুষ্ঠানটো উদ্ধোধন কৰে সমাজৰ কাৰ্যকৰী সভাপতি খালিদ ওমৰে আৰু উপস্থিত সকলোকে আদৰণি জনায় সাধাৰণ সম্পাদক অৰূপ গোস্বামীয়ে। অনুষ্ঠানত অসমৰ সাংস্কৃতিক জগতকে ধৰি বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়াই অহা কেবাগৰাকী ব্যক্তি ক্ৰমে – গুৱাহাটীৰ নেমকেয়াৰ হস্পিতালৰ পৰিচালন সঞ্চালক ডাঃ হিতেশ বৰুৱা, জনপ্ৰিয় নাট্যকাৰ প্ৰভাত গোস্বামী, ক্ৰীড়া সংগঠক ওমৰ ৰচিদ, ৰাবিয়া হক আহমেদ আৰু মৰণোত্তৰ ভাৱে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ হাইদৰ আলী হাজৰিকাক সম্বৰ্দ্ধনা জনোৱা হয়। প্ৰয়াত হাইদৰ আলী হাজৰিকাৰ হৈ সম্বৰ্দ্ধনা গ্ৰহণ কৰে তেওঁৰ জীয়ৰী ডাঃ মেহজাবিন হাইদৰ হাজৰিকাই। নিশাৰ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত কেবাজনো ন – পুৰণি শিল্পীয়ে নৃত্য – গীত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে।