গুৱাহাটী বিশ্ববিদ্যালয় চৌহদৰ NSS গোটৰ স্বেচ্ছাসেৱক সকলে বিশ্ববিদ্যালয়খনৰ ছাত্ৰকল্যান সঞ্চালক আৰু NSSৰ কাৰ্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতি আৰু NSS কাৰ্যসূচী বিষয়া ড০ ঋতুপৰ্ণ বৰাৰ নেতৃত্বত দৰং জিলাৰ নিজ ৰঙামাটি, চোটোনগাঁও আৰু বৰনগাঁও অঞ্চলত বান সাহায্য সামগ্ৰী বিতৰণ কৰে। প্ৰায় ২৫০ টা পৰিয়ালক অত্যাৱশ্যকীয় সামগ্ৰী চাউল, ডালি , চেনি, নিমখ, সৰিয়হ তেল , চেনিটেৰী পেড, মহ খেদা কয়েল, মম আদি বিতৰণ কৰা হয়, লগতে বান সম্পৰ্কীয় সজাগতা আৰু বান পৰৱৰ্তী সমস্যাৰ মোকাবিলা কেনেকৈ কৰিব এই বিষয়ে সকলোকে অৱগত কৰে।
স্বেচ্ছাসেৱকৰ দলটোত প্ৰিয়া দত্ত, মনিষা ডেকা, পিজুষ শৰ্মা, ডলি চৌধুৰী, কিৰণ সৰকাৰ, ৰাজদীপ বৰুৱা, উজ্জ্বল পাল, সুভাংকৰ দে, হীৰক জ্যোতি গগৈ, আদিলুদ্দিন আহমেদ, নম্ৰতা আগমাচাৰ্য, বিজু গায়ন, নিৰঞ্জন বৰা, নিহা বড়ো, সৌৰভ দেউৰী, তুষাৰ ৰঞ্জন বৰা, কৃষ্ণানু শৰ্মাফুকন। উল্লেখযোগ্য যে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক প্ৰতাপ জ্যোতি সন্দিকৈ, ছাত্ৰকল্যান সঞ্চালক ডাঃ ৰঞ্জন কুমাৰ কাকতি,গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা, হোষ্টেল আবাসীসকল, ছাত্ৰসমাজ, বিষয়া সকলে বান সাহায্যৰ বাবে সহায়ৰ হাত আগবঢ়ায় ।