অম্বুবাচী মেলা উপলক্ষে “মা কামাখ্যা”ৰ আশীষ বিচাৰি দেশ-বিদেশৰ পৰা লাখ লাখ ভক্ত অসমলৈ আগমন হৈছে।চাৰিওফালে এক উৎসৱ মুখৰ পৰিৱেশ বিৰাজ কৰিছে। উত্তৰ -পূব ভাৰতৰ অগ্ৰণী একমাত্ৰ শক্তিশালী শ্ৰমিক সংগঠন এনে এফ ৰে’লৱে মজদুৰ ইউনিয়নে অম্বুবাচী উপলক্ষে কামাখ্যা দৰ্শন কৰিবলৈ অহা ভক্তবৃন্দক “মা কামাখ্যা”ৰ পৱিত্ৰ ভূমিলৈ আদৰনি জনাইছে আৰু শুভেচ্ছা জ্ঞাপন কৰিছে। এই সময়চোৱাত ভক্তসকলৰ যাতে কোনো অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ব্যৱস্থা নিশ্চিত কৰিবলৈ আৰু তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ এন .এফ .ৰে’লৱে মজদুৰ ইউনিয়নে অসম চৰকাৰক অনুৰোধ জনায়।সামাজিক দায়বদ্ধতা পৰিচয় দি আৰু সেৱাৰ মনোভাৱেৰে প্ৰতিবছৰে এন এফ ৰে’লৱে মজদুৰ ইউনিয়নে বিভিন্ন জনকল্যাণ মূলক কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। এইবেলিও বৃহত্তৰ পাণ্ডু-মালিগাও এলেকাত থকা এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ শাখা ক্ৰমে মালিগাওঁ শাখা, নিৰ্মাণ শাখা,পাণ্ডু শাখা আৰু মালিগাঁও মহিলা শাখাৰ যৌথ উদ্যোগত ভক্তসকলৰ মাজত খাদ্য -সামগ্ৰী, ফল-মূল, পানী ইত্যাদি বিতৰণ কৰা হয়। ইয়াৰ উপৰিও শান্তি শৃংখলা বজাই ৰখাৰ দায়িত্বত থকা পুলিচ প্ৰশাসনৰ বিষয়া কৰ্মচাৰী সকলৰ মাজতো ফল-মুল, পানী বিতৰণ কৰা হয়।
এই অনুষ্ঠানত কেন্দ্ৰীয় যুটীয়া সাধাৰণ সম্পাদক কমৰেড উত্তম ভট্টাচাৰ্য উপস্থিত থাকি ইউনিয়নৰ সদস্যসকলক উৎসাহ প্ৰদান কৰে আৰু চাৰিওটা শাখাৰ এই পদক্ষেপক ভূঁয়সী প্ৰশংসা কৰে। অনুষ্ঠানত উপস্থিত থাকি মালিগাঁও শাখাৰ শাখা সম্পাদক পংকজ কলিতাই কয় যে – অম্বুবাচী উপলক্ষে শেষৰ দিনাও এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ উদ্যোগত ভক্তসকলৰ মাজত ফল-মূল,খাদ্য-সামগ্ৰী আৰু পানী বিতৰণ কৰা হব। এই কাৰ্যসূচীত মালিগাঁও শাখাৰ পৰা যুটীয়া সম্পাদক ক্ৰমে হীৰেন ডেকা আৰু কমল সিং, সহকাৰী সম্পাদক ৰমেশ চন্দ্ৰ অধিকাৰী, সাংগঠনিক সম্পাদক হৰিদেৱ বৰ্মন, শাখাৰ সদস্য ক্ৰমে গৌতম দাস, ৰাহুল দাস,অমল চেটাৰ্জী, অমিতাভ মেধি, চিৰঞ্জীৱ চাংমা, ৰাজীৱ টোমৰ,গৌতম দাস,অজয় নাৰায়ণ মেধি, পদ্মনাভ মেধি, কিশোৰ ৰঞ্জন দাসকে ধৰি কেইবাগৰাকীও সদস্য উপস্থিত থাকে। ইয়াৰ উপৰিও এই অনুষ্ঠানত নিৰ্মাণ শাখাৰ পৰা শাখা সম্পাদক অৰিজিত চৌধুৰী, সভাপতি নৱ ৰয়, সদস্য ক্ৰমে কমৰেড বেল বাহাদুৰ চেত্ৰী ,মনি হাজৰিকা আদি উপস্থিত থাকে আৰু পাণ্ডু শাখাৰ পৰা শাখা সম্পাদক ৰাজীৱ কৰ, কোষাধক্ষ্য ৰাজু ৰেড্ডী, সাংগঠনিক সম্পাদক কমল শৰ্মা, বিশ্বজিৎ দাসকে ধৰি কেইবা গৰাকীও সদস্য উপস্থিত থাকে। এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ চাৰিওটা শাখাৰ নেতৃত্বই দান বৰঙণি আগবঢ়াই আজি এই কাৰ্যসূচীৰ সফল ৰূপায়নত অৰিহণা আগবঢ়োৱা প্ৰতিজন দাতাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে আৰু জনসেৱাৰ প্ৰতি থকা তেওঁলোকৰ মহানুভৱতাৰ সলাগ লয়।