স্বাধীনতাৰ ৭৫ বছৰ পূৰ্ণ হোৱা উপলক্ষে দেশজুৰি উদযাপন কৰি অহা হৈছে “আজাদি কা অমৃত মহোৎসৱ” কাৰ্যসূচী। এই কাৰ্যসূচীৰ অংশ হিচাপে দেশৰ আন আন বিমানবন্দৰ সমূহৰ দৰে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ চৌহদতো ৰাইজ – যাত্ৰীৰ মাজত সজাগতা সৃষ্টিৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি ত্ৰিৰংগা শোভাযাত্ৰা – সমদল উলিওৱাকে ধৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি অহা হৈছে।
এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজি বৰঝাৰ বিমানবন্দৰৰ আগমণ আৰু প্ৰস্থান কক্ষত যাত্ৰীৰ মাজত ৰাষ্ট্রীয় পতাকা বিতৰণ কৰা হয়। বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বৰঝাৰ বিমানবন্দৰৰ মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱাই। আজি প্ৰায় ২০০ জন যাত্ৰীক ৰাষ্ট্ৰীয় পতাকা বিতৰণ কৰা হয়। আনহাতে এই উপলক্ষে অমিত আগষ্টিয়ে আঁত ধৰা চমু অনুষ্ঠানত উৎপল বৰুৱাই দেশৰ স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিয়া জাতীয় সেনানী সকলৰ চৰম ত্যাগৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে আৰু এই ত্যাগ অক্ষুণ্ণ ৰখাৰ হকে আমি কাম কৰিব লাগিব বুলি ব্যক্ত কৰে। অনুষ্ঠানত বিমানবন্দৰৰ নিৰাপত্তাৰ দায়িত্বত থকা চি আই এছ এফৰ কমাণ্ডেণ্ট লাল মোহন ঠাকুৰ , আদানী গ্রুপৰ জনসম্পৰ্কৰক্ষী বিষয়া ৰুমা দেৱীকে ধৰি কেবাজনো কৰ্মকর্তা উপস্থিত থাকে। উল্লেখযোগ্য যে এই পতাকা বিতৰণ কাৰ্যসূচীৰ অহা ১৫ আগষ্ট, স্বাধীনতা দিৱসৰ দিনা সামৰণি পৰিব।