ৰাজ্যৰ আন আন প্ৰান্তৰ দৰে পশ্চিম গুৱাহাটী সমষ্টিৰ কৃষি প্ৰধান অঞ্চল হিচাপে পৰিগণিত বৃহত্তৰ ধাৰাপুৰ অঞ্চলৰ কৃষক সকলেও যাতে কৃষিক জীৱিকা হিচাপে গ্ৰহণ কৰিব পাৰে তাৰ বাবে সমষ্টিটোৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই বিশেষ তৎপৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। এই তৎপৰতাৰ অংশ হিচাপে ধাৰাপুৰ কৃষি চক্ৰ কাৰ্যালয়ক কৃষক সকলক ৰবিশস্যৰ বীজ বিতৰণ কৰিবলৈ নিৰ্দেশ দিছে বিধায়কগৰাকীয়ে।
বিধায়কৰ নিৰ্দেশনা অনুসৰি ধাৰাপুৰ কৃষি চক্ৰ কাৰ্যালয়ৰ কৃষি উন্নয়ন বিষয়া শশাংক গোস্বামীৰ নেতৃত্বত বিগত দিনকেইটাত কাৰ্যালয় চৌহদত কৃষক সকলক ৰবি শস্যৰ বীজ ক্ৰমে – মাটিমাহ , মুগমাহ , নহৰু ,তিল , বাদাম, আলু , পিয়াজ, মটৰ মাহ, সৰিয়হ আদি বিতৰণ কৰা হৈছে। তেনেদৰে উৎপাদন বৃদ্ধি আৰু শস্যৰ গুণগত মান ৰক্ষাৰ বাবে বিতৰণ কৰা হৈছে জৈৱিক সাৰ। বিতৰণ কাৰ্যসূচীত কৃষি উন্নয়ন বিষয়া গৰাকীক সহযোগিতা আগবঢ়াইছে কাৰ্যালয়ৰ তিনিজন গ্ৰামসেৱক ক্ৰমে – কামেশ্বৰ বৈশ্য, মণ্টু বৈশ্য আৰু নজৰুল ইছলামে।
আনহাতে বিতৰণ কাৰ্যসূচীত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ প্ৰতিনিধি হিচাপে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিৰীক্ষণ সমিতিৰ সদস্য সুভাষ শৰ্মা, অগপৰ কামৰূপ জিলা সমিতিৰ সম্পাদক পৰেশ বৰুৱা, বৃহত্তৰ ধাৰাপুৰ অঞ্চলৰ কেবাখনো কৃষি পৰিচালনা সমিতিৰ কৰ্মকর্তা সকল উপস্থিত থাকে। আনহাতে অঞ্চলটোৰ কৃষক সকলে এইক্ষেত্ৰত আগভাগ লোৱা বাবে বিধায়ক গৰাকীৰ লগতে কৃষি চক্ৰ কাৰ্যালয়ক ধন্যবাদ জ্ঞাপন কৰিছে। কিন্তু কৃষি পৰিচালনা সমিতিৰ কৰ্মকর্তা সকলে কৃষি উন্নয়ন বিষয়া আৰু গ্ৰামসেৱকক খেতি কৰাৰ সময়ত খেতি পথাৰত গৈ কৃষক সকলক উৎপাদন বৃদ্ধি আৰু পোক – পতংগৰ পৰা নিজৰ উৎপাদিত শস্যখিনী কিদৰে ৰক্ষা কৰিব পাৰি তাৰ দিহা পৰামৰ্শ আগবঢ়াবলৈ আহ্বান জনাইছে। আনহাতে ৰাজ্য চৰকাৰৰ কৃষি বিভাগে কৃষক সকলৰ কল্যাণৰ বাবে গ্ৰহণ কৰা সকলো ধৰণৰ জনকল্যাণমুখী আঁচনি সমূহৰ সুফল লাভ কৰে তাৰ বাবে ডাকঘৰত কৃষকৰ বেংক একাউণ্ট খোলা, আধাৰ কাৰ্ড লিংক সংযোগ, বীমা আদি সকলো ধৰণৰ আঁচনিৰ আঁচনিৰ কাম কৰি থকা হৈছে বুলি কৃষি উন্নয়ন বিষয়া কাৰ্যালয়ৰ সূত্ৰই সদৰি কৰিছে।