মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে পথ সুৰক্ষাৰ লগত জড়িত বিভিন্ন বিভাগসমূহক দিয়া নিৰ্দেশনাত অসমৰ পৰিবহণ বিভাগে এক ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহণ কৰিছে। সেই অনুসৰি পথ-দুৰ্ঘটনাগ্ৰস্থ ব্যক্তিক তাৎক্ষণিকভাৱে সহায় কৰিব পৰাকৈ একাংশ পথসুৰক্ষা মিত্ৰ বাছনি কৰি আজি কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ সভাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অত্যাৱশ্যকীয় পথ-সুৰক্ষা মিত্ৰ কিট বিতৰণ কৰা হয় ৷ উল্লেখ্য যে কেতবোৰ অঞ্চলত দুৰ্ঘটনাগ্ৰন্থ লোকক ততাতৈয়াকৈ উদ্ধাৰ আৰু প্ৰাথমিক চিকিৎসা প্ৰদান কৰিবলৈ স্বইচ্ছাই আগবাঢ়ি অহা একাংশ লোকৰ মাজৰ পৰা এই পথ সুৰক্ষা মিত্ৰসকলক বাছনি কৰি মঙলবাৰে সুৰক্ষা সামগ্ৰী বিতৰণ কৰাৰ লগতে এক কৰ্মশালা অনুষ্ঠিত কৰা হয়।
কৰ্মশালাত পথ-সুৰক্ষা মিত্ৰসকলক বিভিন্ন দিহা-পৰামৰ্শ আগবঢ়োৱাৰ উপৰি দুৰ্যোগ প্ৰশমন বিভাগৰ বিষয়া কৌস্তুভ তালুকদৰে পথ সুৰক্ষা মিত্ৰসকলৰ বাবে জীৱন বীমাৰ ব্যৱস্থা কৰাৰ বাবে গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াই। মূলতঃ পথ দুৰ্ঘটনা হ্ৰাসৰ লক্ষ্য আগত ৰাখি অনুষ্ঠিত ব্যতিক্ৰম অনুষ্ঠানটোত সহকাৰী পৰিবহণ আয়ুক্ত তথা কামৰূপ মহানগৰ জিলাৰ দায়িত্ববাহী পৰিবহণ বিষয়া গৌতম দাস, পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাস, আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলাম, আৰক্ষী পৰিদৰ্শক জীৱন দাস, ভাৰত স্কাউট এণ্ড গাইডৰ বিষয়া উৎপল কুমাৰ দাস, অসামৰিক প্ৰতিৰক্ষা বিষয়া জলেশ্বৰ ডেকা, জিলা স্বাস্থ্য বিষয়া ডাঃ কল্পজিত শইকীয়া, লোকনিৰ্মাণ বিভাগৰ অভিযন্তা দিগন্ত কলিতাকে ধৰি যানবাহন পৰিদৰ্শকসহ নৱনিযুক্ত পাঁচগৰাকী জিলা পৰিবহণ বিষয়া উপস্থিত থাকে।