গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি নবজ্যোতি তালুকদাৰৰ উদোগত ৰাজীৱ ভৱনত গছপুলি বিতৰণ কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰায় ৫০০ গছপুলি পথচাৰী, বাছযাত্ৰী, বাইক আৰোহী, অট’চালক, দোকানী আৰু সাধাৰণ ৰাইজৰ মাজত বিতৰণ কৰে। সভাপতি নবজ্যোতি তালুকদাৰৰ উদোগত ৰাজীব ভৱনত অনুষ্ঠিত গছপুলি বিতৰণ কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ আৰু কংগ্ৰেছৰ ত্ৰিদীপ কলিতা, শংকৰ কলিতা, আৰফান আলী হাজৰিকা, মৌচুমী নেওগ, সভানেত্ৰী গীতালি দাস,অনিতা দেবী,ৰমনী দাস আদিয়ে অংশগ্ৰহণ কৰে। জিলা কংগ্ৰেছৰ সভাপতি নবজ্যোতি তালুকদাৰে কয় যে বিজেপি চৰকাৰে সংৰক্ষিত বনাঞ্চল সংকুচিত কৰাৰ যি চক্ৰান্ত কৰি কেন্দ্ৰত বিল পাছ কৰাৰ সিদ্ধান্ত লৈছিল তাৰ বিৰোধিতা কৰি কংগ্ৰেছ তথা বিৰোধীয়ে জইন্ট পাৰ্লিয়ামেন্ট কমিটিৰ দাবী কৰিছিল।
আৰু তাৰ পৰিপ্ৰেক্ষিতত সোমবাৰে বিশ্ব পৰিবেশ দিবসৰ দিনা অসমত জইন্ট পাৰ্লিয়ামেন্ট কমিটি আহি বাহৰ পাতি সমীক্ষা চলাই আছে। তেনে সময়ত পৰিবেশ ভাল কৰি ৰখাৰ বাবে আমি কংগ্ৰেছ দলে সংৰক্ষিত বনাঞ্চল ধ্বংস হোৱাৰ পৰিবৰ্তে সংৰক্ষিত হৈ থকাটো বিচাৰো। বিজেপি চৰকাৰে পৰিবেশ সংৰক্ষণৰ মিছা নাটক কৰি বাটৰ নাট কৰাতকৈ সমগ্ৰ গুৱাহাটীত যি উৰণীয়া সেতু নিৰ্মাণ কৰি আছে তাত হোৱা প্ৰদূষণ ৰোধ কৰাৰ বাবে ব্যৱহাৰ কৰিব লগা তাৰপ’লিন নেট ব্যৱহাৰ নকৰি ৰাইজক জলা কলা খুৱাইছে সেয়া বন্ধ কৰি তাৰপ’লিন নেট ব্যৱহাৰ কৰি দেখুওৱাক।