কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ CRPFৰ পশ্চিম গুৱাহাটীৰ ৰাণীস্থিত ১৭৫ বেটেলিয়ানে তেওঁলোকৰ জনহিতকৰ কাৰ্যসূচীৰ অংশ হিচাপে বৃহত্তৰ ৰাণীকে ধৰি দাঁতি কাষৰীয়া মেঘালয় সীমান্তত বাস কৰা ৰাইজক বিগত সময়চোৱাত বিভিন্ন ধৰণে সহায়ৰ হাত আগবঢ়াই আহিছে। আনহাতে জনহিতকৰ কাৰ্যসূচীৰ অংশহিচাপে আজি ১৭৫ চি আৰ পি এফৰ উদ্যোগত ৰাণী প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত অসম – মেঘালয় সীমান্তৰ অতি দুৰ্গম অঞ্চল হিচাপে পৰিচিত ৰাণী গাঁও পঞ্চায়তৰ অধীনৰ নৰলং গাঁওৰ ২০ ঘৰ বাসিন্দাক সৌৰশক্তি চালিত লেম্প বিতৰণ কৰা হয়।
লেম্পসমূহ বিতৰণ কৰে ১৭৫ CRPF বেটেলিয়ানৰ কমাণ্ডেণ্ট সুভাষ চন্দ্ৰ শৰ্মাই। এই উপলক্ষে ডেপুটী কমাণ্ডেণ্ট আব্দুল ৰহিমে আঁত ধৰা অনুষ্ঠানত কমাণ্ডেণ্ট সুভাষ চন্দ্ৰ শৰ্মাই বাহিনীটোৰ জনহিতকৰ কাৰ্যসূচীৰ লক্ষ্য আৰু উদ্দেশ্যেৰ আলোকপাত কৰে আৰু আগন্তক দিনতো পুনৰ সহায়ৰ হাত আগবঢ়াব বুলি সদৰি কৰে। অনুষ্ঠানত নিখিল ৰাভা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটিৰ সহকাৰী সাধাৰণ সম্পাদক হিতেশ্বৰ ৰাভা, ৰাণী আঞ্চলিক কমিটিৰ সাধাৰণ সম্পাদক জিতেন ৰাভা, নৰলং গাঁওৰ গাওঁবুঢ়া লোকেন কিলিং, ৰাণী গাঁও পঞ্চায়তৰ সভানেত্ৰী পূৰবী বড়োকে ধৰি কেবাজনেও যাতায়ত আৰু বিদ্যুৎ সংযোগ বিহীন নৰলঙৰ দৰে অতি দুৰ্গম অঞ্চলত CRPF এ সৌৰশক্তি চালিত লেম্প বিতৰণ কৰি কিঞ্চিত হলেও সহায়ৰ হাত আগবঢ়োৱাৰ বাবে বাহিনীটোৰ শলাগ লয়। অনুষ্ঠানত ডেপুটী কমাণ্ডেণ্ট ৰবি শ্ৰীবাস্তৱ, জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ অনিল কুমাৰ ঠাকুৰকে ধৰি কেইবাজনো বিষয়া উপস্থিত থাকে।