ডিব্ৰুগড়ত সংঘটিত হৈছে এক জঘন্য ঘটনা।সহকৰ্মী মহিলা চিকিৎসকক বলাৎকাৰ কৰিলে চিকিৎসকে।ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত এই ঘটনা সংঘটিত হৈছে।মহিলা চিকিৎসক গৰাকীয়ে ঘটনা সন্দৰ্ভত ডিব্ৰুগড়ৰ বৰবৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে।
ইতিমধ্যে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬ আৰু ৩২৮ ধাৰাৰ অধীনত আৰক্ষীয়ে গোচৰ ৰুজু কৰি ডিব্ৰুগড়ৰ সঞ্জীৱনি হস্পিটেলৰ চিকিৎসক ডাঃ নয়নজ্যোতি ডেকাক গ্ৰেপ্তাৰ কৰিছে।জানিব পৰা মতে,চিকিৎসক গৰাকীৰ ঘৰ দাদ্ৰা নগৰ হাবেলীত।
হাস্পতালৰ এটা কোঠাত চিকিৎসক ডাঃ নয়নজ্যোতি ডেকাই এই কু-কৰ্ম সংঘটিত কৰে।ইতিমধ্যে মহিলা চিকিৎসকগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে।