গুৱাহাটীৰ ভি আই পি ৰোডৰ ৰাধা নগৰত শ্ৰীশিৰদী সাই বাবা মন্দিৰৰ দশম বর্ষপূর্তি উদযাপনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ বিশিষ্ট আধ্যাত্মিক চিন্তাবিদ, সাহিত্যিক তথা সমাজহিতৈষী ড০ চন্দ্ৰ ভানু সৎপথী আজি গুৱাহাটীত উপস্থিত হয়। অনুষ্ঠানটি অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাকে ধৰি কেবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে। উল্লেখযোগ্য যে বছৰ বছৰ ধৰি ড০ সৎপথীয়ে ভাৰত আৰু বিদেশত ভাৰতীয় দৰ্শন, আধ্যাত্মিকতা আৰু সংস্কৃতিৰ প্ৰচাৰ কৰি আহিছে। তেওঁৰ অনুপ্ৰেৰণাত ভাৰত আৰু সমগ্ৰ বিশ্বতে ২৫০ টাতকৈও অধিক আধ্যাত্মিক আৰু দানশীল কেন্দ্র স্থাপন কৰা হৈছে।
শ্রী ড০ সৎপথীয়ে ১০ নৱেম্বৰত সন্ধিয়া ৫ বজাত গুৱাহাটীৰ ভিআইপি ৰোডৰ ৰাধা নগৰৰ মন্দিৰ প্ৰাংগণত ভক্তৰ সমাৱেশত ভাষণ প্রদান কৰিব। ইয়াৰ পিছত সন্ধিয়া ৬ বজাত তেওঁ মন্দিৰ চৌহদত পালকী যাত্ৰা উদ্বোধন কৰিব। সেইদিনা সন্ধিয়া ৭ বজাত ড০ সৎপথী গুৱাহাটীৰ কাহিলীপাৰা ৰোডত স্থিত প্রয়াত কৈলাশ নাথ শর্মা সোঁৱৰণী ন্যাস শিৰদী সাই বাবা মন্দিৰ দৰ্শন কৰিব। ১১ নৱেম্বৰৰ পুৱা ১০.৩০ বজাত ড০ সৎপথীয়ে ভিআইপি ৰোড স্থিত শ্রী শিৰদী সাই বাবা মন্দিৰত স্বেচ্ছামূলক ৰক্তদান শিবিৰ উদ্বোধন কৰিব। ইয়াৰ পিছতে মন্দিৰ চৌহদত বৰপেটাৰ পৰা অহা এটা দলে নাগাৰা নাম পৰিৱেশন কৰিব। ১১ নৱেম্বৰৰ সন্ধিয়া শ্রী শিবদী সাই আধ্যাত্মিক আৰু দাতব্য ন্যাসে সন্ধিয়া ৫.৩০ বজাৰ পৰা ৮.০০ বজালৈ এক বর্ণিল সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে।