গুৱাহাটীৰ পল্টনবজাৰস্থিত সুন্দৰবন গেষ্ট হাউছত আজি নতুনকৈ উদ্ধোধন কৰা হয় “দ্যা মছলা ৱক” নামৰ এখন ৰেষ্টুৰেন্ট। মূলত উচ্চশিক্ষিত যুৱক উদীত বৰুৱাই সুলভ আৰু ব্যয় সাধ্য মূল্যত সকলো লোকে যাতে গুণগত মানদণ্ডৰ মুখৰোচক জুতি লগা খাদ্য খাব পাৰে তাৰ বাবে সুন্দৰবন ৰেষ্টুৰেন্টৰ তলৰ মহলাত স্থাপন কৰা হৈছে ৰেষ্টুৰেন্টখন। বৃহস্পতিবাৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰেষ্টুৰেন্টখন উদ্ধোধন কৰে প্ৰাক্তন বিধায়ক অজয় দত্তই।
আনহাতে ৰেষ্টুৰেন্ট উদ্ধোধনী অনুষ্ঠানত বিশিষ্টা গায়িকা ডঃ সংগীতা কাকতিয়ে মহাবীৰ লাচিত বৰফুকনৰ জীৱনৰ আধাৰত ৰচনা কৰা “বীৰ লাচিত বৰফুকন” নামৰ গীতটো সামাজিক মাধ্যম যোগে মুকলি কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ডঃ সংগীতা কাকতিয়ে গীতটোৰ ৰচনাৰ আঁৰৰ কথাৰ তাৎপৰ্য দাঙি ধৰে আৰু সাংস্কৃতিকপ্ৰেমী ৰাইজে গীতটো আদৰি লব বুলি আশা প্ৰকাশ কৰে। অনুষ্ঠানত প্ৰাক্তন বিধায়ক অজয় দত্ত, গুৱাহাটী পৌৰ নিগমৰ কাউন্সিলাৰ ৰত্না সিং, অসম চৰকাৰৰ জনসংযোগ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া ৰাজীৱ প্ৰকাশ বৰুৱা, সুন্দৰবন গেষ্ট হাউছৰ স্বত্বাধিকাৰী কুলজিত বৰুৱা, মধুবন গেষ্ট হাউছৰ স্বত্বাধিকাৰী দিলজিত বৰুৱাকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে। অনুষ্ঠানত ডঃ সংগীতা কাকতিয়ে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ এটি কালজয়ী গীত পৰিৱেশন কৰে।