উত্তৰ কামৰূপ জিলা বিজেপিৰ সংবাদমেল। উপ-সভাপতি ভৱেশ ডেকাই স্পষ্ট কৰি দিয়ে যে, ধৃত প্ৰদীপ চৌধুৰীৰ লগত বিজেপিৰ কোনো নেতা মন্ত্ৰী তথা সাংসদৰ ঘনিষ্ঠতা নাই, হয়টো তেওঁ বিজেপি দলক ঢাল হিচাপে ব্যৱহাৰ কৰি সকলোৰে অজ্ঞাতে এই ব্যৱসায় চলাই গৈছিল।
বিজেপি দলে তেওঁৰ এই অভিযোগ পোৱা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ধৃত ড্ৰাগ্ছ সৰবৰাহকাৰী প্ৰদীপ চৌধুৰীক দলৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিস্কাৰ কৰা হৈছে বুলি জনায়।