বোকাজানত পুনৰ ড্ৰাগছ জব্দ।
বোকাজানৰ ডিলাই থানাৰ অন্তৰ্গত পুৰণা লাহৰিজান সীমান্ত আৰক্ষী চাউনীৰ বিশেষ নাকা তালাচীত জব্দ ড্ৰাগছখিনি।
শুকুৰবাৰে প্ৰায় ১০ বজাত ডিমাপুৰৰ পৰা অসমত প্ৰৱেশ কৰাৰ সময়ত এখন AS 01 EC 9450 নম্বৰৰ ট্ৰাকত তালাচী চলাই জব্দ কৰে ড্ৰাগছখিনি।
বোকাজানৰ SDPO জন দাস আৰু সীমান্ত আৰক্ষী চাউনিৰ আৰক্ষী বিষয়া মনুজ্জ্বল গগৈৰ তৎপৰতাত জব্দ কৰে ড্ৰাগছখিনি।
জব্দ কৰা হৈছে প্রায় ৩৩১ গ্ৰাম ড্ৰাগছ আৰু ইয়াৰ বজাৰ মূল্য প্ৰায় ৩ কোটি টকা।
আৰক্ষীয়ে ড্ৰাগছখিনিৰ সৈতে আটক কৰে এজন সৰবৰাহকাৰীক। ধৃত লোকজনৰ নাম নজৰুল ইছলাম।
Photo: Headline8
Input: Suraj Gogoi