উত্তৰপ্ৰদেশৰ কোশ্বাম্বীত এজন সুৰামত্ত স্বামীয়ে নৃশংসতাৰ সীমা চেৰাই পেলালে।
সৈতে হোৱা সাধাৰণ কথাতে সুৰামত্ত স্বামীয়ে প্ৰথমে মাৰপিট কৰে আৰু পিছত ইমানটো ক্ষান্ত নাথাকি পত্নীৰ গুপ্তাংগত লোহাৰ ৰড সোমাই দিয়ে।
পত্নীৰ মৃত্যু হোৱা বুলি ভাবি অভিযুক্তই তেওঁক গাঁৱৰ বাহিৰত পেলাই পলায়ন কৰে।
গুৰুতৰভাৱে আহত অৱস্থাত মহিলাগৰাকীক CSC কেনেলীত ভৰ্তি কৰোৱায়।
মহিলাগৰাকীৰ অৱস্থা যথেষ্ট সংকটজনক হোৱা বাবে তেওঁক হায়াৰ চেণ্টাৰ মনঝনপুৰলৈ প্ৰেৰণ কৰে।
নগ্ন কৰি চকুত বান্ধিলে কাপোৰ
হৃদয় কঁপোৱা এই ঘটনাটো কোশ্বাম্বী থানা এলেকাৰ কায়মপুৰৰ হয়।
কায়মপুৰ নিৱাসী সুৰাসক্ত এজন যুৱকে সৰু সৰু কথাতে মহিলাগৰাকীক মাৰপিট কৰে বুলি অভিযোগ উত্থাপন কৰিছে খোদ মহিলাগৰাকীয়ে।
মহিলাগৰাকীয়ে কোৱা অনুসৰি, সুৰামত্ত অৱস্থাত স্বামী ঘৰ আহে আৰু পিছত মহিলাগৰাকীক মাৰপিট কৰিবলৈ আৰম্ভ কৰে।
অভিযোগ উত্থাপন হৈছে যে স্বামীয়ে মহিলাগৰাকীৰ মুখত কাপোৰ সুমুৱাই দিয়ে আৰু নগ্ন কৰি তাইৰ চকুত কাপোৰ বান্ধি দিয়ে।
ইয়াৰ পিছত অভিযুক্তই মহিলাগৰাকীৰ গুপ্তাংগত লোহাৰ ৰড সুমুৱাই দিয়ে, যাৰ ফলত মহিলাগৰাকী অচেতন হৈ মাটিত ঢলি পৰে।
স্বামীয়ে তাইৰ মৃত্যু হোৱা বুলি ভাবি গাঁৱৰ কিছু নিলগত পেলাই থৈ আহে আৰু তাৰ পৰা পলায়ন কৰে।
অভিযুক্তই মাতৃৰ ঘৰত ফোন কৰি কয় যে তেওঁলোকৰ কন্যা ঘৰৰ পৰা পলাই গৈছে।
খবৰ পোৱা মাত্ৰকেই তাইক বিচাৰিবলৈ আৰম্ভ কৰে।
বহু সময় ধৰি তাইৰ সন্ধান উলিয়াবলৈ চেষ্টা চলোৱাত তাইক এগৰাকী বৃদ্ধ লোকৰ ঘৰত সন্ধান লাভ কৰে।
Photo: Google