দেশৰ সাধাৰণ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগে জাৰি কৰিছে এক নিৰ্দেশনা। এই নিৰ্দেশনাযোগে বুধবাৰৰ সন্ধিয়া ৫-০০ বজাৰ পৰা ২৬ এপ্ৰিলৰ সন্ধিয়ালৈকে ড্ৰাই ডে’ ঘোষণা কৰা হৈছে। অৱশ্যে অসমৰ দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁৱতহে প্ৰযোজ্য হ’ব নিৰ্দেশনা। কাৰণ ৰাজ্যৰ এইকেইটা অঞ্চলতহে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।
আজি সন্ধিয়া ৫-০০বজাৰ পৰা ২৬ এপ্ৰিলৰ সন্ধিয়াপৰ্যন্ত উল্লেখিত অঞ্চলসমূহত ড্ৰাই ডে’ প্ৰযোজ্য হ’ব বুলি আয়োগে নিৰ্দেশনাত উল্লেখ কৰে।