ঐতিহাসিক ৰাণী ৰাজ্যৰ ৰাজধানী তথা আজাৰা ৰাজহ চক্ৰ এলেকাৰ পাটগাঁৱৰ শ্ৰীশ্ৰী বুঢ়ীগোসানী (পুৰণা থান)ত বুধবাৰৰ পৰা আৰম্ভ হৈছে শাৰদীয় দুর্গা পূজা। সম্পূৰ্ণ ধর্মীয় তথা পুৰণি পৰম্পৰাৰে অনুষ্ঠিত পূজাৰ সংকল্পধাৰী হিচাপে এইবাৰো ৰাণী ৰাজ্যৰ ৰাজবংশৰ পৰিয়ালৰ সদস্য দিগেন্দ্ৰ নাৰায়ণ সিংহক মনোনীত কৰা হৈছে। উল্লেখ্য যে পাটগাঁৱৰ শ্ৰীশ্ৰীবুঢ়ীগোসানী (দুর্গা দেবী) পুৰণা থানত মৃণ্ময় মূর্তিক পূজা কৰা নহয়। বছৰ বছৰ ধৰি উক্ত পূজাত ‘বলিকটা দা’ক পূজা কৰি অহা হৈছে।
এইবেলিও পূৰ্বৰ পৰম্পৰা অনুসৰি ‘বলিকটা দা’ক পূজাৰ বেদীত স্থাপন কৰা হৈছে। বেণ্ড-ঢুলীয়া-ওজাপালিৰ স’তে থান পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ লগতে ভক্তপ্ৰাণ ৰাইজ কাঁহিকুছিস্থিত দিগেন্দ্ৰ নাৰায়ণ সিংহৰ মন্দিৰলৈ আহি যথাৰীতিৰে পূজা-অর্চনা কৰি মন্দিৰৰ পৰা ‘বলিকটা দা’ খনক আদৰি আনি পাটগাঁৱৰ শ্ৰীশ্ৰীবুঢ়ীগোসানী (দুর্গা দেৱী) পুৰণা থানৰ বেদীত স্থাপন কৰা হয়। ছয়দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত পূজাৰ মহাঅষ্টমীৰ দিনা পূৰ্বৰ পৰম্পৰা অনুযায়ী ম’হ বলি দিয়া হব। তেনেদৰে উপৰদানী তালুকৰ সৌজন্যত সজ্জনপাৰাৰ লাৰাপাহাৰত থকা শ্রীশ্রীবুঢ়ীগোসাঁনী মন্দিৰতো যোৱা ৮ অক্টোবৰৰ পৰা ছয়দিনীয়া কাৰ্যসূচীৰে শাৰদীয় দুর্গা পূজা আৰম্ভ হৈছে। ৰাণী ৰাজ্যৰ ৰাজবংশৰ পৰিয়ালৰ সদস্য জগদীশ নাৰায়ণ
সিংহক প্রতীকী ৰজা হিচাপে লৈ আয়োজন কৰা উপৰদানী তালুকৰ উক্ত পূজাৰ বেদীত মৃণ্ময় মূৰ্তিৰ সলনি ‘বলিকটা দা’ক পূজা কৰা হয়। ইতিমধ্যে ৰাজবংশৰ পৰিয়ালৰ সদস্যৰ ঘৰৰ পৰা যথা ৰীতি-নীতিৰে ‘বলিকটা দা’ আনি পূজাৰ বেদীত স্থাপন কৰা হৈছে।
উক্ত পুজাতো মহাষ্টমীৰ দিনা পূৰ্বৰ পৰম্পৰা অনুযায়ী ম’হ বলি দিয়া হব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৯ অক্টোবৰত প্ৰথম বাৰৰ বাবে পূজাথলীলৈ আহি দেৱীৰ আশীষ গ্ৰহণ কৰাৰ লগতে মন্দিৰ চৌহদৰ প্ৰাকৃতিক পৰিবেশত অভিভূত হৈ পৰে। আনকি মন্দিৰ চৌহদৰ উন্নয়নত তেঁওৰ ফালৰ পৰা সকলো ধৰণৰ সহযোগিতা আগবঢ়াব বুলি উপৰদানী তালুক কমিটিক মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আশ্বাস দিয়ে। উল্লেখ্য যে সমষ্টি পুনৰ গঠনৰ পাছত মন্দিৰ চৌহদটো নতুনকৈ গঠন কৰা জালুকবাৰী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে। মন্দিৰৰ সীমাৰ পৰা আৰম্ভ হৈছে নতুন পলাশবাৰী বিধানসভা সমষ্টিৰ সীমা।