অসম তথা উত্তৰ পূব ভাৰতৰ ভিতৰতে সৰ্বাধিক প্ৰায় ৮৫ খন দুৰ্গা পূজা উদযাপন কৰা হয় গুৱাহাটীৰ জালুকবাৰী আৰক্ষী থানা এলেকাত। আনকি থানাৰ অন্তৰ্গত পাণ্ডুঘাটত ব্ৰহ্মপুত্ৰ নদীত বিজয়া দশমী আৰু তাৰ পাছদিনা দুদিনীয়াকৈ দুৰ্গা পূজাৰ প্ৰতিমা বিসৰ্জন দিয়া পৰ্বয়ো পৰম্পৰাগত ভাৱে চলি আহিছে। যাৰ বাবে দুৰ্গা পূজা সুকলমে উদযাপন আৰু দুদিনীয়া প্ৰতিমা বিসৰ্জন পৰ্ব যাতে সুকলমে সম্পন্ন হয় তাৰ বাবে প্ৰতি বছৰে আগতীয়াকৈ যৌথভাৱে তৎপৰতা অৱলম্বন কৰি আহিছে জালুকবাৰী আৰক্ষী থানা আৰু পাণ্ডুঘাট বিসৰ্জন সমিতিয়ে। এই উদযাপন আৰু বিসৰ্জন পৰ্ব সুকলমে সম্পন্ন কৰা বিষয়ত তথা আইন শৃংখলাজনিত পৰিস্থিতিৰ বিষয়ে আলোচনা কৰাৰ বাবে অহা ১৪ ছেপ্টেম্বৰত পাণ্ডুনাথ দেৱালয় প্রাঙ্গনত এখন সভাৰ আহ্বান কৰা হৈছে।
জালুকবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, পৰিদৰ্শক ৰিতুজ্যোতি নাথ আৰু পাণ্ডুঘাট বিসৰ্জন সমিতিৰ সাধাৰণ সম্পাদক দ্বিজেন লহকৰে এটা যৌথ বিবৃতিত সিদিনা দিনৰ ১০ বজাৰ পৰা অনুষ্ঠিত হবলগীয়া সভাখনত উপস্থিত থাকিবলৈ জালুকবাৰী থানাৰ অন্তৰ্গত সকলো দুৰ্গা পূজা উদযাপন সমিতিৰ সভাপতি তথা সম্পাদক, পাণ্ডুঘাট বিসর্জন সমিতিৰ বিষয়ববীয়া আৰু সদস্য-সদস্যা সকল , দুৰ্গা পূজা আৰু বিসৰ্জন পৰ্বৰ লগত জড়িত সকলোকে উপস্থিত থাকিবলৈ অনুৰোধ জনাইছে।