ৰাজ্যজুৰি শাৰদীয় দুৰ্গোৎসৱৰ উলহ-মালহ। আজি মহাষষ্ঠী। ক’ৰণা পৰিস্থিতি কিছু উন্নত হোৱাৰ পিছতেই সম্পূৰ্ণ ক’ভিড বিধি মানি চলি ৰাজ্যজুৰি শাৰদীয় দুৰ্গোৎসৱৰ আয়োজন কৰা হৈছে।
মহামাৰীৰ মাজতো এইবাৰ গুৱাহাটীত প্ৰায় ৪০০ খন পূজা আয়োজন কৰা হৈছে। আয়োজক সমিতিসমূহে পূজাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে।
ইফালে পূজাৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।সকলো দৰ্শনাৰ্থীয়ে পূজাত মাস্ক পৰিধান কৰাটো বাধ্যতমূলক। দুয়োপালি ক’ভিড ভেকচিন গ্ৰহণ কৰা সকলে পূজাত অংশগ্ৰহণ কৰিব পাৰিব। প্ৰৱেশদ্বাৰত ক’ভিডৰ ভেকচিন গ্ৰহণৰ চাৰ্টিফিকেট দেখুৱাব লাগিব।