সমাগত বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কেন্দ্ৰীয় চৰকাৰক নিৰ্বাচনী আয়োগৰ নিৰ্দেশনা যে,
শীঘ্ৰে আঁতৰাওক ক’ভিড ভেকচিন চাৰ্টিফিকেটৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো।
বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৫খন ৰাজ্যত শীঘ্ৰে জাৰি কৰা এই নিৰ্দেশনা কাৰ্যকৰী কৰিবৰ বাবে আহ্বান জনাইছে।
কেন্দ্ৰৰ স্বাস্থ্য মন্ত্ৰালয়ক এই নিৰ্দেশনা জাৰি কৰিছে আয়োগে।
পশ্চিম বংগৰ তৃণমূল কংগ্ৰেছৰ এগৰাকী সাংসদে এই ক্ষেত্ৰত আপত্তি দৰ্শাইছিল ইয়াৰ ওপৰত।
অসম, পশ্চিম বংগ, কেৰালা, তামিলনাডু আৰু পুডুচেৰীত কাৰ্যকৰী হ’ব লাগিব এই নিৰ্দেশনা।
Photo: Headline8