বুধবাৰে নিৰ্বাচনী আয়োগে এক জাননী প্ৰেৰণ কৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ।
মুখ্যমন্ত্ৰী গৰাকীয়ে পশ্চিম বংগৰ মুছলমান ভোটাৰ সকলোক কৰা এক বিতৰ্কিত মন্তব্যৰ বাবে নিৰ্বাচনী আয়োগে জাৰি কৰিছে জাননী।
মুছলমান ভোটাৰ সকলৰ ভোট সমূহ বিভিন্ন ৰাজনৈতিক দলৰ মাজত ভাগ নকৰিবলৈ আহ্বান জনাইছিল।
সেয়েহে ৪৮ ঘণ্টাৰ ভিতৰত এই বিষয়ে মূখ্যমন্ত্ৰী গৰাকীয়ে উত্তৰ দিব লাগিব বুলি জাননী প্ৰদান কৰিছে নিৰ্বাচনী আয়োগে
।লগতে বিভিন্ন দল সংগঠনৰ নেতা সকলে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক সাম্প্ৰদায়িক ভিত্তিত তৃণমূল কংগ্ৰেছক ভোট বিচৰা বুলিও অভিযোগ উত্থাপন কৰিছে।
Photo Credit: Google