বিশ্বৰ ইছলাম ধৰ্মী লোক সকলৰ পবিত্ৰ এমহীয়া ৰমজান মাহৰ সামৰণিত বিশ্বৰ তথা দেশৰ আন ৰাজ্যৰ লগতে অসমতো অহা ১১ এপ্ৰিলত (আকাশত জোন দেখাৰ ওপৰত নিৰ্ভৰ কৰি) ঈদ-উল-ফিটৰৰ সমূহীয়া নামাজ অনুষ্ঠিত হ’ব। আনহাতে গুৱাহাটীৰ আন আন ঈদগাহ ময়দান বা মছজিদৰ দৰে জালুকবাৰী ঈদগাহ ময়দানতো ঈদৰ সমূহীয়া নামাজ উপলক্ষে ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। জালুকবাৰী ঈদগাহ কমিটিৰ কাৰ্যকৰী সভাপতি আলহাজ চৰিফ উল্লাহ, সাধাৰণ সম্পাদক আবুল আলী, কোষাধ্যক্ষ নাছেম আলীয়ে এটা বিবৃতিত সিদিনা পুৱা ৮.৩০ বজাত জালুকবাৰী ঈদগাহ ময়দানত অনুষ্ঠিত লবলগীয়া সমুহীয়া নামাজত উপস্থিত থাকিবলৈ সকলোকে আহ্বান জনাইছে।
আনহাতে সিদিনা সমূহীয়া নামাজত ইমামতি কৰিব নলবাৰী জিলাৰ আদাবাৰী ছোৱালী মাদ্ৰাছাৰ অধ্যক্ষ আলহাজ হজৰত মৌলানা আব্দুল জব্বৰ কাছিমীয়ে। নামাজৰ লগত সংগতি ৰাখি সিদিনা জাকাট, ফিটৰা, লাৱাৰীজ, ইমাম, ঈদগাহ, মছজিদ, কবৰস্থানৰ উন্নয়নৰ বাবে ধন সংগ্ৰহ কৰা হ’ব বুলি সাধাৰণ সম্পাদক আবুল আলীয়ে জানিবলৈ দিছে।