পশ্চিমবংগত নিৰ্বাচন আয়োগে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ভোটদানৰ সময় আধা ঘণ্টা বৃদ্ধি কৰিলে।
ভোটদাতাসকলে পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬.৩০ বজালৈ ভোটদান কৰিব পাৰিব।
মঙলবাৰে আয়োগে এই সন্দৰ্ভত এক অধিসূচনা জাৰি কৰে।
এগৰাকী নিৰ্বাচনী বিষয়াই ক’লে যে, এই সিদ্ধান্ত ক’ভিড-১৯ক লৈ নিষেধাজ্ঞা প্ৰদান কৰাক লৈ গ্ৰহণ কৰা হৈছে।
তেওঁ ক’লে যে, ক’ভিড-১৯ৰ বৰ্তমানৰ পৰিস্থিতিক লক্ষ্য কৰি আয়োগে ভোটদানৰ সময় ৩০ মিনিট বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
উল্লেখযোগ্য যে, ৰাজ্যখনত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ২৭ মাৰ্চত অনুষ্ঠিত হ’ব। বিধানসভাৰ ৩০খন আসনৰ বাবে এই ভোটদান প্ৰক্ৰিয়া আৰম্ভ হ’ব।
Photo: Google