অসমসহ মুঠ ৪খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব ২ মে’ত।
নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বে ভাৰতীয় নিৰ্বাচনী আয়োগে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত কৰে।
নিৰ্বাচনত জয়ৰ পিছত কোনোৱে বিজয় উৎসৱ অথবা ৰেলী অনুষ্ঠিত কৰিব নোৱাৰিব।
লগতে আয়োগে ক’লে যে, ফলাফলৰ পিছত যিকোনো প্ৰাৰ্থীয়ে মাত্ৰ দুজন লোকক লগত লৈ নিজৰ জয়ৰ প্ৰমানপত্ৰ সংগ্ৰহ কৰিব পাৰিব।
উল্লেখ্য পশ্চিমবংগ, তামিলনাডু, অসম, কেৰালা আৰু পুডুচেৰীৰ নিৰ্বাচনৰ ফলাফল ২ মে’ত ঘোষণা কৰা হ’ব।
চাৰিখন ৰাজ্য়ত নিৰ্বাচন সমাপ্ত হৈছে কিন্তু পশ্চিমবংগত এতিয়াও বাকী আছে অন্তিমটো পৰ্যায়ৰ ভোটগ্ৰহণ।
নিৰ্বাচনী আয়োগে এই পদক্ষেপ গ্ৰহণ কৰে মাদ্ৰাছ উচ্চ ন্যায়ালয়ে কটু মন্তব্য কৰাৰ পিছত।
আদালতে কৈছিল যে, ক’ৰোনা সংক্ৰমণ অধিক বৃদ্ধি হোৱাৰ দায়ী নিৰ্বাচন আয়োগো।
Photo: Google