দেশত ক’ৰোনা সংক্ৰমণৰ হাৰ তীব্র গতিত বৃদ্ধি পাইছে।
ক’ৰোনা আক্ৰান্ত হৈ মৃত্যু হৈছে বহুসংখ্যক লোকৰ।
আজি মাদ্ৰাজ উচ্চ ন্যায়ালয়ে দাবী কৰে যে ক’ৰোনা সংক্ৰমণৰ দ্বিতীয় ঢৌৰ বাবে দায়ী ভাৰতীয় নিৰ্বাচনী আয়োগ।
লগতে নিৰ্বাচনী আয়োগৰ ওপৰত হত্যাৰ গোচৰ ৰুজু কৰিব লাগে বুলি জনাই মাদ্ৰাজ উচ্চ ন্যায়ালয়ে।
মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশ সঞ্জীৱ বেনাৰ্জীয়ে এক শুনানিৰ জৰিয়তে কয় যে নিৰ্বাচন আয়োগ দেশৰ আইটাইতকৈ দ্বায়িত্বজ্ঞানহীন সংস্থা,
তেওঁলোককে ৰাজনৈতিক দল সমূহক ক’ৰোনাৰ বাবে কোনো ধৰণৰ নীতি নিৰ্দেশনা মানি চলিবলৈ বাধ্যতামূলক কৰা নাছিল।
লগতে জনাই যে স্বাস্থ্য এটা গুৰুত্বপূৰ্ণ বিষয় কিন্তু এই কথা আদালতে নিৰ্বাচনী আয়োগক মনত পেলাই দিবলগীয়া হৈছে।
আদালতে নিৰ্বাচনী আয়োগক সতৰ্ক কৰি কয় যে যদিহে ভোটগণনা ২ মে’ৰ দিনা খন ক’ৰোনা প্ৰতিৰোধৰ বাবে সঠিক ব্যৱস্থা গ্ৰহণ কৰা নহয় ভোট গণনা বন্ধ কৰি দিয়া হব।
আদালতে ভোটগণনাৰ বাবে উচিত ব্যৱস্থা হাতত লবলৈ নিৰ্দেশ জাৰি কৰিছে ভাৰতীয় নিৰ্বাচনী আয়োগক।
Photo Credit: Google