সমগ্ৰ দেশৰ লগতে ৰাজ্যতো দিনক দিনে বৃদ্ধি পাই গৈয়ে আছে ক’ৰোনা আক্ৰান্ত লোকৰ সংখ্যা।
বুধবাৰে ৰাজ্যত নতুনকৈ ১৯৫ গৰাকী লোক ক’ৰোনাত সংক্ৰমিত হৈছে।
এই ১৯৫ গৰাকী লোকৰ ভিতৰত ১০৪ গৰাকী লোকে গুৱাহাটীৰ।
ইয়াৰ লগতে ১০জনতকৈ অধিক লোক আক্ৰান্ত হোৱাৰ ভিতৰত কামৰূপ (গ্ৰাম্যৰ) ১৬ গৰাকী, ডিব্ৰুগড়ৰ ১৯ গৰাকী আৰু তিনিচুকীয়াৰ ১২ গৰাকী লোক।
উল্লেখযোগ্য যে, অসম বিধানসভা নিৰ্বাচন সমাপ্ত হোৱাৰ লগে লগে ৰাজ্যত বৃদ্ধি পাবলৈ ধৰিছে কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।
নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰি কভিড নীতি-নিয়ম ভৰিৰে মোহাৰি এতিয়া মুখত মাত নোহোৱা হৈছে ৰাজনৈতিক দলসমূহৰ।
Photo: Google