২০২২ বৰ্ষৰ প্ৰথম ভাগতে অনুষ্ঠিত হ’ব উত্তৰ প্ৰদেশ, গোৱা, পঞ্জাৱ, হিমাচল প্ৰদেশ আৰু মণিপুৰত বিধানসভাৰ নিৰ্বাচন। নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী থকা অৱস্থাতে দেশত পুনৰ বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ। কোভিডৰ লগতে নতুনকৈ সংক্ৰমিত হোৱা কোভিডৰ নতুন প্ৰকাৰ অমিক্ৰনো দেশত ব্যাপক হাৰত সংক্ৰমণ হৈছে।
এনে পৰিস্থিতিত নতুন বছৰটোৰ প্ৰথমভাগত নিৰ্বাচন অনুষ্ঠিত কৰাটো চিন্তাৰ বিষয় হৈ পৰিছে। এই সংক্ৰান্তত এলাহবাদ উচ্চ ন্যায়ালয়ে উত্তৰ প্ৰদেশৰ নিৰ্বাচন প্ৰয়োজন সাপেক্ষে পিছুৱাই দিবলৈ নিৰ্দেশনা প্ৰদান কৰিছিল। কিন্তু দেশৰ প্ৰধান ৰাজনৈতিক দল বিজেপি, কংগ্ৰেছকে ধৰি ৰাজ্যসমূহৰ আঞ্চলিক দলৰ লগতে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা সকলে দলেই সময়মতেই নিৰ্বাচন অনুষ্ঠিত হোৱাটো বিচাৰিছে। নিৰ্বাচনক কেন্দ্ৰ কৰিয়েই সকলো ৰাজনৈতিক দলে ইতিমধ্যে নিৰ্বাচনী কামকাজ আৰম্ভ কৰিছে।
ইয়াৰ মাজতে ৩ দিনীয়া ভ্ৰমণসূচীৰে উত্তৰ প্ৰদেশত উপস্থিত হৈছে দেশৰ মুখ্য নিৰ্বাচনী বিষয়াৰ লগতে নিৰ্বাচন আয়োগৰ এটা দল। দলটোৱে ৰাজ্যখনৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ লগতে ৰাজনৈতিক দলৰ লগত মত বিনিময় কৰি সয়মতে নিৰ্বাচন অনুষ্ঠিত কৰিব বুলি উল্লেখ কৰিছে।