কলিয়াবৰৰ বুঢ়াপাহাৰ চাহ বাগিচাত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু। বাগিচাখনৰ এটা বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰত লাগি মৃত্যু হয় কাজিৰঙাৰ পৰা ওলাই অহা প্ৰাপ্তবয়স্ক হাতীটোৰ। বুঢ়াপাহাৰ চাহ বাগিচাৰ ২ নম্বৰ নতুন বাগান এলেকাত শুকুৰবাৰে পুৱা হাতীটোৰ মৃতদেহ প্ৰত্যক্ষ কৰে বাগিচাখনৰ শ্ৰমিকে। নিশা কাজিৰঙা ৰাষ্টীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহাৰ সন্দেহ হাতীটোৰ।
বাগিচাখনৰ মাজত থকা বিদ্যুতৰ এটা ট্ৰেঞ্চফৰ্মাৰত লাগি মৃত্যু হয় বনৰীয়া হাতীটোৰ। বৈদ্যুতিক ট্ৰেঞ্চফৰ্মাৰটো বহু তলত সংস্থাপিত হোৱাৰ ফলতে এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উঠিছে। বাগিচা কৰ্তৃপক্ষৰ তত্তাৱধানত ট্ৰেন্সফৰ্মাৰটো সম্পূৰ্ণ নীতি-নিয়ম মতেই সংস্থাপিত হোৱাৰ দাবী কৰে কলিয়াবৰ বিদ্যুৎ সংমণ্ডলৰ বিষয়াই।
ইয়াৰ পিছতে শুকুৰবাৰে দুপৰীয়া কলিয়াবৰৰ বুঢ়াপাহাৰ চাহ বাগিছাৰ ঘটনাস্থলীত উপস্থিত হয় বন মন্ত্ৰী পৰিমল শুল্কবৈদ্যই।বন মন্ত্ৰী ঘটনাস্থলীতত উপস্থিত হৈ মৃত হাতীটোক পুষ্পাঞ্জলি অৰ্পন কৰে। ভৱিষ্যতে যাতে এনেধৰণৰ শোকাবহ ঘটনা নঘটে সেইলৈ বিদ্যুৎ বিভাগ, বন বিভাগ, ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু বাগিচা কৰ্তৃপক্ষক বিদ্যুৎ সংযোগ কৰাৰ ক্ষেত্ৰত সাৱধান হ’বলৈ নিৰ্দেশ দিয়ে।