আজিৰে পৰা আৰম্ভ হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতী চাফাৰী। পৰ্যটকৰ বাবে পুৱা ৫ বাজি ৩০ মিনিটত আনুষ্ঠানিকভাৱে হাতী চাফাৰী আৰম্ভ কৰা হয়। বাগৰী আৰু কঁহৰা ৰেঞ্জত পৰ্যটকৰ বাবে মুকলি কৰা হ’ল হাতী চাফাৰী। বিশ্বৰ অন্যতম মুকলি ৰাষ্ট্ৰীয় উদ্যান পুৱাৰ ভাগত এক মনোমোহা দৃশ্য চাবলৈ হাতী চাফাৰী উপভোগ কৰিবলৈ বহু লোক কাজিৰঙালৈ যায়। কিন্তু এই বৰ্ষৰ অক্টোবৰ মাহত জীপ চাফাৰী মুকলি কৰি দিছিল যদিও হাতী চাফাৰী মুকলি কৰা হোৱা নাছিল।
আজি কঁহৰা আৰু বাগৰী বনাঞ্চলত হাতী চাফাৰী পৰ্যটকৰ বাবে মুকলি কৰাত আনন্দ প্ৰকাশ কৰে পৰ্যটকসকলে। কঁহৰা ৰেঞ্জত বিভাগীয় হাতীৰে চাফাৰী মুকলি কৰা হয় য’ত ১৪ গৰাকী বিদেশী পৰ্যটকে হাতী চাফাৰী উপভোগ কৰে। আনহাতে বাগৰি ৰেঞ্জত ব্যক্তিগত হাতীৰে চাফাৰীৰ শুভাৰম্ভ কৰা হয় য’ত ২৫ গৰাকী পৰ্যটকে প্ৰথমটো হাতী চাফাৰী উপভোগ কৰে।