৩০ এপ্ৰিলৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হাতী চাফাৰী পৰ্যটকৰ বাবে বন্ধ হৈ পৰিব ।
আজি এক জাননী যোগে কাজিৰঙা বনবিভাগৰ DFO ৰমেশ কুমাৰ গগৈয়ে ঘোষণা কৰিছে।
ক’ৰোনা সংক্ৰমণৰ মাজতো বিগত বৰ্ষৰ ২১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে চলি আছিল হাতী চাফাৰী।
কিন্তু বৰ্দ্ধিত ভয়াবহ ক’ৰোনাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনবিভাগে হাতী চাফাৰী বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
৩০ এপ্ৰিলৰ পৰা সম্পূৰ্ণৰূপে কাৰ্যকৰী হ’ব এই নিৰ্দেশনা।