সদৌ অসম বন বিভাগ কেজুৱেল শ্ৰমিক সন্থাৰ এখন জৰুৰী সাধাৰণ সভা অহা ৬ জুলাইত আহ্বান কৰা হৈছে। কমিটিৰ সভাপতি চিকণ ডেকা আৰু সম্পাদক ধনঞ্জয় দাসে জানিবলৈ দিয়া মতে সিদিনা বন বিভাগৰ পাঞ্জাবাৰীস্থিত মুখ্য কাৰ্যালয় ‘অৰণ্য ভৱন’ৰ কৰ্মচাৰী ভৱনত দিনৰ ১০ বজাৰ পৰা অনুষ্ঠিত হবলগীয়া সভাখনত উপস্থিত থাকিবলৈ দৰমহা বঞ্চিত সকলো কেজুৱেল শ্ৰমিককে উপস্থিত থাকিবলৈ অনুৰোধ জনোৱা হৈছে।
সভাত বন শ্ৰমিকক ফিক্সড পে সহ নিযুক্তি, ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে অনুমোদন দিয়াৰ পাছতো এই পৰ্যন্ত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ নকৰা , দৰমহা বঞ্চিত কেজুৱেল শ্ৰমিক সকলে ভোগ কৰি অহা সমস্যাৰ বিষয়ে আলোচনা কৰি শীঘ্ৰে সমাধানৰ বাবে বন বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষক অনুৰোধ জনোৱা হব ।