সাহিত্যচাৰ্য ভাষাবিদ বিশ্বেশ্বৰ হাজৰিকাৰ বিয়োগ। মহানগৰীৰ কে জি এম টি হাস্পতালত শেষ নিশ্বাস ত্যাগ। তেখেতৰ জন্ম হৈছিল ১৯৩৩ চনৰ ৩১ জুলাইত গোলাঘাট জিলাৰ বাৰমুখীয়া গাঁৱত। পিতৃৰ নাম আছিল খগেশ্বৰ হাজৰিকা আৰু মাতৃ সোণেশ্বৰী হাজৰিকা। ডঃ বাণীকান্ত কাকতিৰ গৱেষণা গ্ৰন্থ, Assamese: Its Formation and Development ক অসমীয়ালৈ অনুবাদ কৰিছিল। তেওঁ “অসমীয়া সাহিত্যৰ বুৰঞ্জী” ৰ প্ৰথম খণ্ড (২০০৩) সম্পাদনাও কৰিছে। তদুপৰি “Assamese Language: Origin and Development” (১৯৮৫), “অসমীয়া ভাষাৰ উৎপত্তি আৰু ক্ৰমবিকাশ”, “Caitanya’s Impact of the Vaisnavism of Assam” (১৯৯৪), “চৰ্যাগীতিকোষ” (২০১২) ইত্যাদি গ্ৰন্থও ৰচনা কৰিছিল। ২০১৫ চনত “অসমীয়া-বড়ো-ৰাভা ত্রিভাষিক অভিধান” প্ৰণয়ন কৰিছিল গৱেষক গৰাকীয়ে।