• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ইমানুৱেল মুছাহাৰীঃ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বড়ো জনজাতিক প্ৰতিষ্ঠা কৰিবলৈ ওলোৱা ব্যক্তিজন

Manoranjan Majumder by Manoranjan Majumder
October 1, 2021
in অসম, ৰাজনীতি, সংবাদ
1 min read
0
Emmanuel Mushahary

Emmanuel Mushahary

Share on FacebookShare on Twitter

বহু ঘাত-প্ৰতিঘাতেৰে মাজেৰে পাৰ হৈ যোৱা অসমৰ এটা জনজাতি ৷ নিজৰ অস্তিত্ব জাহিৰ কৰিবলৈ বহু আন্দোলন, উগ্ৰপন্থাৰ আশ্ৰয় ল’বলগীয়া হৈছিল এই জনজাতিটো ৷ অসমলৈ চৰকাৰ আহিছে গৈছে, কেন্দ্ৰত চৰকাৰ আহিছে গৈছে, তথাপিও যেন ৰাজনীতিৰ মেৰ-পেচত সমাধান নোহোৱাকৈ ৰৈ গৈছিল এই জনজাতিটোৰ সমস্যা ৷ হয়, আপুনি ঠিকেই ধৰিব পাৰিছে ৷ আমি কৈ আছো অসমৰ ইতিহাসৰ বহু ঘাত-প্ৰতিঘাতৰ সাক্ষী এটা অন্যতম জনজাতি বড়ো জনজাতিৰ কথা ৷

bodo people
Bodo people

বড়োলোকসকল স্বাভাৱিকতেই স্বাধীনতাপ্ৰিয় জাতি ৷ নামনি অসমত ঘাইকৈ এওঁলোকৰ মূল বসতি ৷ দেশৰ স্বাধীনতাৰ দিনৰে পৰা অসমীয়াভাষী লোকসকলৰ সৈতে বড়োভাষী লোকসকলেও অসমৰ উন্নতিত অৱদান আগবঢ়াই আহিছে ৷ তথাপিও যেন ক’ৰবাত কিবা এটা নাই ৷ অসমৰ এক অন্যতম জনগোষ্ঠী হিচাপে যেনে মৰ্যাদা পাব লাগিছিল তেনে মৰ্যাদাৰ পৰা বঞ্চিত হৈ আছিল বড়ো লোকসকল ৷ ফলত বহু বড়ো যুৱকে হাতত তুলি লৈছিল অস্ত্ৰ ৷ কিন্তু অস্ত্ৰৰে জানো সমস্যাৰ সমাধান সম্ভৱ ৷ অৱশেষত ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত ২০০৩ চনত গঠিত হৈছিল বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল চমুকৈ বিটিচি ৷ বিটিচি গঠন হোৱাৰ পিছত স্বায়ত্ব শাসনৰ সুবিধা লাভ কৰিলে জনজাতিটোৱে ৷

BTC
Bodoland Territorial Council

নামনি অসমৰ এক বিশাল এলেকা বিটিচিৰ অধীনলৈ আহিল ৷ কেৱল বড়োসকলেই নহয়, অসমীয়া, ৰাভা, বঙালী, কোঁচ-ৰাজবংশী, গাড়ো, মুছলমান, নেপালী জনগোষ্ঠীৰ লোকসকলেও সমিল মিলেৰে বাস কৰিবলৈ ধৰিলে ৷

নৱগঠিত বিটিচিৰ গুৰি বঠা তুলি ধৰিলে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বড়োলেণ্ড পিপলছ ফ্ৰণ্ট চমুকৈ বিপিএফ নামৰ ৰাজনৈতিক দলটোৱে ৷ ২০০৫ চনত গঠন হোৱা সেই বিপিএফৰ অন্যতম প্ৰতিষ্ঠাতা সদস্য আছিল ইমানুৱেল মুছাহাৰী ৷ সেই ইমানুৱেল মুছাহাৰী যিয়ে পিছলৈ বড়ো ভূমিক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাৰ বাবে লৈছিল এটা কঠিন সিদ্ধান্ত ৷ কি আছিল সেই কঠিন সিদ্ধান্ত ?

 

Emmanuel Mushahary and Biswajit Daimary

১৯৬৩ চনৰ চনৰ ১১ নৱেম্বৰৰ বাক্সা জিলাৰ পাটকিজুলিত জন্ম হৈছিল ইমানুৱেল মুছাহাৰীৰ ৷ চাৰিগৰাকী ভাতৃ-ভগ্নীৰ মাজত কনিষ্ঠ মুছাহাৰীয়ে শ্বিলঙৰ ইউ চি চিৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল আৰু ছাত্ৰ জীৱনৰ পৰাই নামি পৰিছিল সক্ৰিয় ৰাজনীতিত ৷ কলেজৰ অধ্যাপনাৰ দৰে চাকৰি বাদ দি নামি পৰিছিল তেওঁ ৰাইজৰ সেৱাত ৷ ১৯৮৭ চনত দুবাৰকৈ এবছুৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি এবছুৰ কেন্দ্ৰীয় সমিতিৰ মহাসচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল নেতাগৰাকীয়ে ৷ বিটিচি এলেকাত বিপিএফৰ প্ৰথমজন এম চি এল হিচাপে জয়লাভ কৰাৰ পিছতে তেওঁক শিক্ষা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ চোৱা চিতাৰ দায়িত্ব প্ৰদান কৰা হৈছিল ৷ কেৱল ৰাজনীতিয়েই নহয়, এজন দায়িত্বশীল সমাজ সেৱক হিচাপে মুছাহাৰীয়ে কোকৰাঝাৰত চি আই টি আৰু বড়োলেণ্ড বিশ্ববিদ্যালয় স্থাপনতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷ তাৰোপৰি ভাৰত-ভূটান নাগৰিক মঞ্চৰ অধ্যক্ষ হিচাপে ভাৰতীয়সকলে ভূটানৰ পানীৰ ওপৰত কৰ পৰিশোধ নকৰাকৈয়ে পানী ব্যৱহাৰ কৰিব পৰাকৈ ব্যৱস্থা কৰি দিছিল তেওঁ ৷ ২০১০ আৰু ২০১৬ চনত ইমানুৱেল মুছাহাৰীয়ে তামোলপুৰ সমষ্টিক প্ৰতিনিধিত্ব কৰি বিপুল ভোটত জয় লাভ কৰে আৰু সমষ্টিবাসীৰ প্ৰতি সেৱা আগবঢ়ায় যায় ৷

ইতিমধ্যে বহু ধুমুহা পাৰ হৈ গ’ল বিটিচিত ৷ ২০২০ চনৰ ২৭ জানুৱাৰীত বড়ো চুক্তি অনুসৰি বিটিএডি পৰিৱৰ্তিত হ’ল বিটিআৰলৈ ৷ অসমত ২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত মিত্ৰতাকেন্দ্ৰিক বহু নাটৰ অন্তত একাষৰীয়া হ’ল বিপিএফ চীফ হাগ্ৰামা মহিলাৰী ৷ সেই বৰ্ষতে অসমত বিজেপিৰ চৰকাৰ গঠন হোৱাৰ পিছত ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিল বিটিআৰত ৷ ইতিমধ্যেই ৯০ দশকৰ ৰক্তাক্ত ইতিহাসক লৈ বীতশ্ৰদ্ধ হৈ পৰিছিল বড়োলোকসকল ৷ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বড়ো লোকসকলৰ অস্তিত্ব জাহিৰ কৰাটো হৈ পৰিল আৱশ্যম্ভাৱী ৷ ৰাজনৈতিক খোৱা-কামোৰা, ৰাজনৈতিক পাশাখেলে বিৰক্ত কৰা ইমানুৱেল মুছাহাৰীয়ে ২০২১ চনৰ ২২ নৱেম্বৰত প্ৰা. ৫০০০ সমৰ্থকৰ উপস্থিতিত বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল বিজেপিত যোগদান কৰে আৰু অঞ্চলটোক ৰাষ্ট্ৰীয় দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাট মুকলি কৰে ৷ কৃষিজীৱি পৰিয়ালৰ সন্তান ইমানুৱেল মুছাহাৰীয়ে তামোলপুৰ সমষ্টিক উদ্যোগীকৰণৰ ক্ষেত্ৰত আগবঢ়াই লৈ যোৱাৰ বাবে বিজেপিকেই সৰ্বশ্ৰেষ্ঠ মঞ্চ বুলি গণ্য কৰিলে ৷

সমষ্টিটোৰ ৰাইজৰ মাজত অত্যন্ত জনপ্ৰিয় নেতা ইমানুৱেল মুছাহাৰীৰ দৃষ্টি বৰ্তমান বড়ো সমাজকে ধৰি অঞ্চলটোৰ অনা-বড়োলোকসকলৰ উন্নয়নত নিৱদ্ধ ৷ দীৰ্ঘদিন ধৰি অঞ্চলটোৰ ৰাইজৰ অভাৱ-অভিযোগ নিৰ্মূলৰ প্ৰতি নেতাগৰাকী সদায়েই সচেতন ৷ মুছাহাৰীৰ দৰে নেতা এজন লাভ কৰি সমষ্টিবাসীও আশ্বস্ত ৷ আঞ্চলিক ৰাজনীতিৰ পৰা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলত খোজ পেলোৱা ইমানুৱেল মুছাহাৰীয়ে দায়িত্ব সহকাৰে আগন্তুক বৰ্ষসমূহত আগবাঢ়ি যাব বুলি আশাবাদী অঞ্চলটোৰ বাসিন্দাসকল ৷

Tags: Bodoland People’s FrontBPFBTCEmmanuel MushaharyHagrama Mohilary
Previous Post

স্মৃতি মান্ধানাৰ প্ৰথমটো চেঞ্চুৰীঃ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে স্মৃতিয়ে ৰচিলে অভিলেখ

Next Post

আপুনি চেনি খাই নেকি!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
আপুনি চেনি খাই নেকি!

আপুনি চেনি খাই নেকি!

“She is no more but still beats In me”-ভগ্নীৰ জন্মদিনত আবেগিক পোষ্ট হাৰ্টথ্ৰব জুবিন গাৰ্গৰ

"She is no more but still beats In me"-ভগ্নীৰ জন্মদিনত আবেগিক পোষ্ট হাৰ্টথ্ৰব জুবিন গাৰ্গৰ

১০ মিনিটত খালে ডেৰ লিটাৰ ক’ল্ড ড্ৰিংকছ, ৬ ঘণ্টাৰ পিছত যুৱকৰ মৃত্যু

১০ মিনিটত খালে ডেৰ লিটাৰ ক'ল্ড ড্ৰিংকছ, ৬ ঘণ্টাৰ পিছত যুৱকৰ মৃত্যু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8