ৰাজ্যত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ। কোকৰাঝাৰৰ উত্তেজনা মাৰ নাযাওঁতেই তেজপুৰত আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ হৈছে ড্ৰাগছ সৰবৰাহকাৰী।
তেজপুৰৰ চাৰিদুৱাৰৰ খনামুখৰ গুডামঘাটত অভিযান চলাই আৰক্ষীয়ে আটক কৰিছিল ৩ গ্ৰাগছ সৰবৰাহকাৰীক। ইয়াৰে ৰুহুল আমিন নামৰ সৰবৰাহকাৰীটোৱে আৰক্ষীৰ কবলৰ পৰা পলাবলৈ লওঁতেই আৰক্ষীয়ে গুলীয়াই দিবলৈ বাধ্য় হয়।
ৰুহুলৰ ভৰিত গুলী লগাত ততাতৈয়াকৈ হাস্পতালত ৰুহুলক ভৰ্তি কৰায়। আৰক্ষীয়ে তিনি সৰবৰাহকাৰীৰ পৰা ১৩৬ টা ব্ৰাউন চুগাৰৰ কণ্টেইনাৰ জব্দ কৰে।