নদী বা বিলৰ পানীত নহয় বুধবাৰে বিয়লি গুৱাহাটীৰ আমবাৰীৰ বুঢ়া জামে মছজিদৰ ওচৰতে থকা নলাটোৰ দাঁতিত এটা বিলুপ্তপ্ৰায় প্ৰজাতিৰ কাছ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি হৈ চৈৰ সৃষ্টি হয়। এই সন্দৰ্ভত বন বিভাগৰ গুৱাহাটীৰ বনাঞ্চলিক বিষয়া প্ৰাঞ্জল বৰুৱাই জানিবলৈ দিয়া মতে বিয়লি প্ৰায় ৫ মান বজাত তাত কাছ এটা দেখা পোৱাৰ পাছত ৰাইজৰ মাজত হৈ চৈৰ সৃষ্টি হয়।
কোনো সচেতন লোকে লতাশিল আৰক্ষী থানাত খবৰ দিয়াত আৰক্ষীয়ে ততালিকে গুৱাহাটীৰ বন বিষয়া হিচাপে তেওঁক অৱগত কৰে। তেওঁ লগে লগেই নাৰেংগী খণ্ড বন বিষয়া কাৰ্যালয়ৰ খণ্ড বন বিষয়া অসীম দাসক কাছটো উদ্ধাৰ কৰি ব্ৰহ্মপুত্ৰ নদীৰ পানীত এৰি দিবলৈ নিৰ্দেশ দিয়ে। নাৰেংগী খণ্ড বন বিষয়া কাৰ্যালয়ৰ বনকৰ্মীৰ দল এটা আমবাৰীলৈ আহি আৰক্ষীৰ সহযোগত প্ৰায় ৯ কিলো ওজনৰ কাছটো উদ্ধাৰ কৰে। পাছত সন্ধিয়া আন্ধাৰ হোৱাৰ পাছত কাছটো মাছখোৱাস্থিত লাচিত ঘাটত ব্ৰহ্মপুত্ৰ নদীৰ পানীত বনকৰ্মীৰ দলে এৰি দিয়ে । বন বিষয়া প্ৰাঞ্জল বৰুৱাই সদৰি কৰা অনুসৰি উদ্ধাৰ হোৱা কাছটো বিলুপ্তপ্ৰায় প্ৰজাতিৰ আৰু এনে ধৰণৰ কাছ সাধাৰণতে ব্ৰহ্মপুত্ৰ নদীত বসবাস কৰি আহিছে।