মহানগৰীৰ আজাৰা থানাৰ অন্তৰ্গত পূব ধাৰাপুৰ শ্ৰী শ্ৰীলক্ষ্মী পূজা উদযাপন সমিতিৰ উদ্যোগত এইবেলিও জংগৰাবৰী বিদ্যালয় প্ৰাঙ্গনত ১৫ অক্টোবৰৰ পৰা ১৮ অক্টোবৰলৈ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৫৩ সংখ্যক শ্ৰী শ্ৰীলক্ষ্মী পূজা উদযাপনৰ আয়োজন কৰা হৈছে। এই উপলক্ষে কালি এক মংগলিক কাৰ্যসূচীৰ মাজেৰে সমূহ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত পূজা মণ্ডপ বাকৰিত শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ লাইখুঁটা আনুষ্ঠানিক ভাৱে স্থাপন কৰে পূব ধাৰাপুৰ শ্ৰী শ্ৰী লক্ষ্মী পূজা উদযাপন সমিতিৰ প্ৰাক্তন সভাপতি থানেশ্বৰ শৰ্মাই। পূজাৰ ধর্মীয় কাৰ্যসূচীৰ লগতে ১৫ অক্টোবৰৰ সন্ধিয়া মুখ্যদ্বাৰ উদ্ঘাটন কৰিব পূজা পৰিচালনা সমিতিৰ কোষাধ্যক্ষ যাদৱ চন্দ্ৰ দাসে। পূজাস্থলীত সমূহীয়া বন্তি প্ৰজ্বলন কৰাৰ পিছত সন্ধিয়া ৬:৩০ বজাত ছিপাঝাৰৰ মৰমী শইকীয়াৰ দলে নাগাৰা নাম পৰিৱেশন কৰিব।
১৬ অক্টোবৰৰ সন্ধিয়া প্ৰতিমা বৰণ, প্ৰতিমা স্থাপন, আৰতি অনুষ্ঠিত হোৱাৰ লগতে পূজা পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি কৃষ্ণকান্ত দাসৰ সভাপতিত্বত অনুষ্ঠিতব্য মুকলি সভাত কেইগৰাকীমান বিশিষ্ট ব্যক্তিক আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জনোৱা হ’ব। একেটা অনুষ্ঠানতে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্য ৰত বিষয়া হেমন্ত চৌধুৰীয়ে স্মৃতিগ্ৰন্থখন উন্মোচন কৰিব। নিশা ৮ বজাত ছিপাঝাৰৰ পৰমানন্দ নাথৰ দলে নাগাৰা নাম পৰিৱেশন কৰিব। ১৭ অক্টোবৰৰ দিনা দিনৰ ১২ বজাত স্থানীয় আয়তী সকলে নাম প্ৰসংগ কৰিব। সন্ধিয়া প্ৰতিমা বিসৰ্জন দিয়াৰ পিছত কাতি বিহু উদযাপন কৰা হ’ব। নিশা ৮:৩০ বজাৰ পৰা ৰাজগুৰু মিনি থিয়েটাৰ দলে নাট মঞ্চস্থ কৰিব। তদুপৰি ১৮ অক্টোবৰৰ সন্ধিয়া আয়োজন কৰা হৈছে বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান। সাংস্কৃতিক অনুষ্ঠান আনুষ্ঠানিক ভাৱে উদ্বোধন কৰিব জ্যোতি চিত্ৰৱনৰ অধ্যক্ষ বিদ্যা সাগৰ বৰাই। অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব ধাৰাপুৰ তালুকৰ প্ৰাক্তন সভাপতি তথা জ্যেষ্ঠ অধিবক্তা সত্য ভৰালী আৰু বৃহত্তৰ ধাৰাপুৰ ঐক্য মঞ্চৰ সভাপতি তপন দাস।
উল্লেখ্য যে পূজাৰ সমূহ কাৰ্যসূচী সুচাৰুভাৱে সম্পাদন কৰিবলৈ অৰুণ দাসক সভাপতি, কৃষ্ণকান্ত দাসক কাৰ্যকৰী সভাপতি, কৃষ্ণৰাম দাস, প্ৰমোদ দাস আৰু কৰুণাকান্ত দাসক উপ-সভাপতি, প্ৰণৱ দাস আৰু শ্ৰীমন্ত দাসক সাধাৰণ সম্পাদক, বিৰিঞ্চি দাস, ভাৰত দাস আৰু হীৰক দাসক সম্পাদক, যাদৱ চন্দ্ৰ দাসক কোষাধ্যক্ষ, ৰূপক দাস, ৰূপম দাস আৰু পিংকু দাসক সাংস্কৃতিক সম্পাদক আৰু ৰূপম কুমাৰ দাসক পূজাব্ৰতী হিচাপে লৈ এখন কাৰ্যকৰী সমিতি ইতিমধ্যে গঠন কৰা হৈছে।