ভাৰতৰ দ্বিতীয় বৃহত্তম তেল অন্বেষণ আৰু উৎপাদন কোম্পানী অইল ইণ্ডিয়া লিমিটেডে ইয়াৰ ক’ৰ্প’ৰেট সামাজিক দায়বদ্ধতা (CSR)ৰ অংশ হিচাপে অসম চৰকাৰক ক’ভিডৰ দ্বিতীয় ঢৌ বিৰোধী যুঁজখনত বিভিন্ন ধৰণে সহায় কৰি আহিছে। স্বাস্থ্য সেৱাৰ আন্ত:গাঁথনিৰ সংবৰ্ধনত সাহায্য আগবঢ়োৱাৰ লগতে প্ৰতিষ্ঠানটোৱে চৰকাৰক অক্সিজেন কনচেনট্ৰেটৰ যোগান ধৰিও সহায় কৰিছে।
৬ জুলাই ২০২১ ৰ দিনা অইল ইণ্ডিয়া লিমিটেডে ৫০০ টা অক্সিজেন কনচেনট্ৰেটৰ অসম চৰকাৰক অনুদান হিচাপে আগবঢ়ায়।উক্ত কনচেনট্ৰেটৰ সমূহ ‘অইল ব’ৰ্ড অৱ ডিৰেক্টৰছ’ ৰ হৈ শ্ৰী সন্দীপ গোস্বামী (চীফ জেনেৰেল মেনেজাৰ, পাইপলাইন) আৰু শ্ৰী মাধুৰ্য্য বৰুৱা (জেনেৰেল মেনেজাৰ, এডমিন আৰু ই আৰ) য়ে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সন্মানীয় মন্ত্ৰী শ্ৰী কেশৱ মহন্তৰ হাতত অৰ্পণ কৰে।
অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মুখ্য সচিব শ্ৰী অনুৰাগ গোৱেল , আই এ এছ আৰু এন এইছ এম, অসমৰ মিছন ডিৰেক্টৰ ডা: লক্ষ্মনন এছ উক্ত অনুষ্ঠানত উপস্থিত থাকে।
সন্মানীয় মন্ত্ৰী মহোদয়ে মহামাৰীৰ কালছোৱাত অইলে আগবঢ়াই অহা দায়বদ্ধতাপূৰ্ণ সেৱাৰ বাবে প্ৰতিষ্ঠানটোলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।