বর্তমান বিশ্বৰ সৰ্বোচ্চ গাড়ী যাব পৰা পথ ১৮,৩৭৯ ফুট উচ্চতাৰ খাৰ-ডুং-লা নহয়। ২০২১ চনৰ ২৯ ডিচেম্বৰৰ দিনা দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে লাডাখ-হিমালয়ত উদ্বোধন কৰা ১৯,০২৪ ফুট উচ্চতাৰ উম-লিং-লাহে হৈছে বিশ্বৰ সৰ্বোচ্চ গাড়ী যাব পৰা গিৰি সংকট। ভাৰতীয় সেনাই নিৰ্মাণ কৰা এই গিৰি সংকটে ইতিমধ্যে ব্যাপক কৌতূহলৰ সৃষ্টি কৰিছে। এই সু-উচ্চ গিৰি সংকটলৈ অভিযান চলাই গুৱাহাটীলৈ ঘুৰি আহিছে দুঃসাহসিক ক্রীড়া সংগঠন এক্সপ্ল’ৰাৰ্ছৰ ৫জনীয়া বাইক ৰাইডাৰৰ এটা দল। বাইক ৰাইডাৰ উজ্জ্বল বৰাৰ নেতৃত্বত যোৱা দলটোৱে যোৱা ৯ আগষ্টত গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰি মুঠ ৩৪ দিনত এই অভিযান সম্পন্ন কৰে। মটৰ চাইকেল আৰোহীৰ দলটোৱে এই যাত্রাপথত উম-লিং লা, খাৰ-ডুং-লাৰ উপৰিও বিশ্বৰ ৬ষ্ঠ সর্বোচ্চ গাড়ী যাব পৰা গিৰি পথ ফটিলা, জজিলা গিৰি সংকট আদিও অতিক্রম কৰে।
প্রচণ্ড শীত আৰু দুৰ্গম পথৰ বাবে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ পিছতো দলটোৱে অভিযান সম্পন্ন কৰাৰ লগতে বিশ্বৰ সর্বোচ্চ যুদ্ধক্ষেত্র চিয়াচেনৰ বেছ কেম্পৰ লগতে ২য় শীতার্ত ঠাই ড্রাছ, কার্গিল আদিও অতিক্ৰম কৰে। বহু ভয়াবহ অভিজ্ঞতাৰ সন্মুখীন হোৱা দলটোৱে এই অভিযানকালত ৬ হাজাৰ কিলোমিটাৰৰো অধিক পথ অতিক্ৰম কৰে। অভিযানত দলটোৱে অতি দুর্গম ঝাস্কাৰ উপত্যকাৰ লগতে লাডাখ হিমালয়ৰ আন কেইবাটাও আওহতীয়া এলেকা বাইকেৰে পৰিভ্ৰমণ কৰে। উজ্জ্বল বৰাৰ উপৰিও দলটোৰ আন সদস্যসকল আছিল ছিৰাক্স কাহান, অভিলাষ শৰ্মা, উপমন্যু বৰদলৈ আৰু তপন দে। যাত্ৰাপথত দুৰ্ঘটনাৰ বাবে দলটোৱে কেতবোৰ সমস্যাৰ সন্মুখীন হৈছিল যদিও এই প্ৰত্যাহ্বানসমূহ তেওঁলোকে সফলতাৰে অতিক্রম কৰে। বৃহস্পতিবাৰে এখন সংবাদমেলত এই অভিযান সন্দৰ্ভত দলটোৰ সদস্যসকলৰ উপৰিও দুঃসাহসিক ক্রীড়া সংগঠন এক্সপ্ল’ৰাৰ্ছৰ কার্যকৰী সভাপতি প্রণয় বৰদলৈয়েও জানিবলৈ দিয়ে।