উমৰাংছ’ৰ পাঁচকিলোত থকা নিপক’ৰ জলবিদ্যুৎ প্ৰকল্পটোৰ টাৰ্বাইনৰ পাইপত বিস্ফোৰণ সংঘটিত হয়। বিস্ফোৰণৰ ফলত সমগ্ৰ অঞ্চলটো জলমগ্ন হোৱাৰ উপৰিও বিস্ফোৰণস্থলিত বহু কেইজন লোক আবদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে। অঞ্চলটোত বৰ্তমান ধাৰাসাৰ বৰষুণ দি থকাৰ বাবে উদ্ধাৰ অভিযানত ব্যাঘাত জন্মিছে।
উল্লেখ্য যে, পূৰ্বেও সংঘটিত হৈছিল এনে ধৰণৰ ঘটনা। ইতিমধ্যে হাফলঙৰ পৰা ৰাওনা হৈছে উদ্ধাৰকাৰী দল। প্ৰাথমিক তথ্য অনুসৰি ধাৰাসাৰ বৰষুণৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ।