বিগত দিনত মুম্বাইত উদ্যোগপতি মুকেশ আম্বানীৰ বাসগৃহৰ সন্মুখত উদ্ধাৰ হোৱা জিলেটিনভৰ্তি স্কৰপিঅ’ বাহনখনৰ মালিক মনসুখ হিৰেনৰ মৃতদেহ উদ্ধাৰ হয়।
সূত্ৰ অনুসৰি, প্ৰাথমিক তদন্তত জানিবলৈ পোৱা গ’ল যে গাড়ীখনৰ মালিকে আত্মহত্যা কৰিছিল। কলবা এলেকাত মৃতদেহ উদ্ধাৰ হয়।
মৃত মনসুখ হিৰেনৰ গাড়ী ডেকৰ কৰাৰ ব্যৱসায় আছে।
সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। তেওঁৰ পত্নী বিমলা হিৰেনো সামাজিক কাৰ্যকৰ্তা আছিল।
প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বিৰোধী নেতা দেৱেন্দ্ৰ ফডণবীছে হিৰনেৰ মৃত্যুৰ খবৰটো পঢ়ি ক’লে যে তেওঁ সমগ্ৰ ঘটনাটোৰ এক গুৰুত্বপূৰ্ণ অংশ আছিল। মই দাবীও জনাইছিলো যে তেওঁক শীঘ্ৰে সুৰক্ষা প্ৰদান কৰা হওক। এই সমগ্ৰ ঘটনাটো ৰহস্যময় যেন লাগিছে। এই ঘটনাটোৰ তদন্তৰ দায়িত্ব ANIক দিব লাগে। এইটোৰ দাবী মই বিধানসভাতো কৰিছো।
উল্লেখযোগ্য যে, ২৫ ফেব্ৰুৱাৰীত ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজৰ প্ৰধান আম্বানীৰ বহুমহলীয়া অট্টালিকাৰ সন্মুখত সন্ধিয়া এখন ২.৫ কিলোগ্ৰাম জিলেটিনভৰ্তি স্কৰপিঅ’ উদ্ধাৰ হৈছিল।
গাড়ীখনৰ ভিতৰত এখন পত্ৰও আছিল য’ত লিখা আছিল আম্বানী আৰু তেওঁৰ পৰিয়ালক ভাবুকি প্ৰদান কৰা হৈছিল।
Photo: ABP News