বিধানসভা নিৰ্বাচন দুৱাৰদলিত। এতিয়া জোৰদাৰ চলিছে প্ৰচাৰ অভিযান। প্ৰচাৰ অভিযানৰ লগতে চলিছে বিভিন্নধৰণৰ ৰাজনৈতিক জংক-পংক।
আগন্তুক নিৰ্বাচনৰ পূৰ্বে ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’।
বিভিন্ন সংবাদমাধ্যমত দ্ৰুতগতিত বিয়পি পৰিছে এই ভিডিঅ’টো ।
ভিডিঅ’টো হৈছে AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ। তেওঁক ভিডিঅ’টোত সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰা দেখা গৈছে।
ভাইৰেল হোৱা এই ভিডিঅ’টোত তেওঁ কৈছে যে, ‘ভাৰতত ৮০০ বছৰ ধৰি মোগল বাদশ্বাহে ৰাজত্ব কৰিছে।
Several media outlets including @NewsLiveGhy, @DY365 along with right wing groups have been sharing a doctored video of Honourable @BadruddinAjmal Sahab, clearly with a vested agenda. Here’s the original video from where parts are clipped to make the doctored one pic.twitter.com/DVck0wE4kD
— Dr. (Hafiz) Rafiqul Islam (@HafizRafiqulMLA) March 10, 2021
এই দেশখন ইছলামিক ৰাষ্ট্ৰ কৰা হ’ব। আগন্তুক দিনত ভাৰতত এজন লোকো হিন্দু নাথাকিব, সকলো মুছলমান হ’ব।
এই চাঞ্চল্যকৰ ভিডিঅ’টো বিভিন্ন সংবাদমাধ্যমত প্ৰকাশ পোৱাৰ লগে লগে এতিয়া বদৰুদ্দিন আজমলৰ বিৰুদ্ধে বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
আচলতে AIUDF প্ৰধানগৰাকীয়ে কি কি কৈছিল এই ভিডিঅ’টোত আহক চাও-
ভিডিঅ’টো নিশ্চয় আপোনালোকে প্ৰত্যক্ষ কৰিলে। কিন্তু যিটো চাঞ্চল্যকৰ ভিডিঅ’ আপোনালোকে প্ৰত্যক্ষ কৰিলে সেইটো দৰাচলতে এটা Morph কৰা ভিডিঅ’।
যিটো ভিডিঅ’ এতিয়া ছচিয়েল মিডিয়াই হওক বা সংবাদমাধ্যমত ভাইৰেল হৈ পৰিছে সেইটো ভিডিঅ’টো ২০১৯ বৰ্ষৰে হয়।
বৰপেটাৰ এখন জনসভাত ভাষণ প্ৰদান কৰাৰ সময়ৰে এই ভিডিঅ’টো।
তেওঁ সভাত যদিও ৰাজনৈতিক দিশত চলি থকা শীতল যুঁজৰ কথা কয় কিন্তু অসমক ইছলামিক ৰাষ্ট্ৰ হিচাপে গঠন কৰাৰ দৰে কোনোধৰণৰ সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰা নাছিল। আনহাতে তেওঁ হিন্দু আৰু মুছলমান সম্প্ৰদায়ক লৈও কোনোধৰণ সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰা নাছিল।
কোনোৱে ৰাজনৈতিক ষড়যন্ত্ৰ ৰচি বদৰুদ্দিন আজমলৰ ভিডিঅ’ মৰ্ফ কৰি ছচিয়েল মিডিয়াত ভাইৰেল কৰে।
এই মৰ্ফ কৰা ভিডিঅ’টো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ লগতে বিভিন্ন সংবাদমাধ্যমতো বদৰুদ্দিন আজমলে নিকৃষ্ট ষড়যন্ত্ৰ ৰচাৰ অভিযোগ উত্থাপন কৰিছে। ইফালে এই ভিডিঅ’টো শাসকীয় দলৰ কেইবাজনো নেতায়েও শ্বেয়াৰ কৰে।
কিন্তু আচলতে বদৰুদ্দিন আজমলে কৈছিল কি? আহক চাও আচল ভিডিঅ’টো-
তেওঁ ভাষণত কৈছিল যে, ‘অসমত কি ধুমুহা আহিছে, মোদীজী কিবাকৈ বাচিছে। হিমন্ত আধা পাগল হৈছে। অমিত শ্বাহে গুজৰাটৰ নহয় বিদেশৰ টিকট পাব।’- বিজেপিক কটাক্ষ কৰি এই মন্তব্য প্ৰদান কৰিছিল ভাষণত। যদিও তেওঁক ভাষণত বিজেপি বিৰোধী মন্তব্য প্ৰদান কৰিছিল, কিন্তু দুই সম্প্ৰদায়ক লৈ তেওঁ ভাষণত কোনোধৰণৰ মন্তব্য প্ৰদান কৰা নাছিল।
আমি এই কথা এনেই কোৱা নাই, Headline8য়ে প্ৰথমে Invid Toolsৰ সহায় ল’লে। আমি এই কথাটো জানিব বিচাৰিছিলো যে বদৰুদ্দিন আজমলৰ এই ভাষণ বৰ্তমানৰ নিৰ্বাচনী প্ৰচাৰৰ নে পূৰ্বৰ। পিছত YouTubeত জানিবলৈ পালো যে, ২০১৯ৰ লোকসভা নিৰ্বাচনৰ সময়ত বৰপেটাৰ এখন নিৰ্বাচনী ৰেলীত AIUDF প্ৰধান আজমলে ভাষণ প্ৰদান কৰিছিল।
অৱশেষত এই কথাটো উল্লেখ কৰিব পাৰি যে, নিৰ্বাচনৰ পূৰ্বে বদৰুদ্দিন আজমলৰ এনেধৰণৰ মৰ্ফ কৰা ভিডিঅ’ শ্বেয়াৰ কৰি ৰাজনৈতিক ৰণনীতি চলোৱাৰ এক উমান পোৱা গৈছে। কোনে কিয়? কাৰ বাবে? কাৰ আদেশত ? এই পুৰণি ভিডিঅ’ মৰ্ফ কৰি শ্বেয়াৰ কৰিছে। এয়া এক লাখটকীয়া প্ৰশ্ন?
Photo: File Photo