শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা বৈদ্যুতিন সংবাদ প্ৰতিষ্ঠানৰ এখন ভুৱা গ্ৰাফিক্স ভাইৰেল হৈ থকা দেখা গৈছে। এই গ্ৰাফিক্স প্লেটখন ফে’চবুকত শ্বেয়াৰ কৰাৰ উপৰি দাবী কৰা হৈছে যে ২০২১ চনত বিজেপি ক্ষমতালৈ আহিব নোৱাৰিব, এই কথা বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষক দলে জনাইছে। পিছে বিশ্বাস নিউজৰ নিজস্ব অনুসন্ধানত এই ভাইৰেল পোষ্ট ভুৱা বুলি প্ৰমাণিত হৈছে।
প্ৰকৃততে ভাইৰেল হৈ থকা এই স্ক্ৰীণশ্বট কোনো ফটো সম্পাদনা কৰা ছফ্টৱেৰৰ সহায়ত প্ৰস্তুত কৰা হৈছে। প্ৰকৃততে বিজেপিৰ কোনো কেন্দ্ৰীয় পৰ্যবেক্ষক দলে এই বক্তব্য প্ৰদান কৰা নাই।
কি এই ভাইৰেল পোষ্ট
ফে’চবুক ইউজাৰ টিনু দত্তই এই স্ক্ৰীণশ্বট শ্বেয়াৰ কৰিছে, য’ত বাংলা ভাষাত লিখা আছে – “২১শের নিৰ্বাচনে বিজেপির ক্ষমতায় আসা সম্ভব নয়। জানিয়ে দিলো বিজেপির কেন্দ্ৰীয় পৰ্যবেক্ষক দল।” যাৰ অসমীয়া অনুবাদ হৈছে – “২১ৰ নিৰ্বাচনত ক্ষমতালৈ অহাৰ সম্ভাৱনা নাই বিজেপিৰ। এই কথা জনালে বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষক দলে।”
এই তথ্য আমাৰ অনুসন্ধানত ভুৱা বুলি প্ৰমাণিত হৈছে। এই বাতৰি সম্পূৰ্ণৰূপে বিভ্ৰান্তিকৰ। এবিপি আনন্দৰ অন্য এখন ছবি সম্পাদনা কৰি ভুৱা দাবীৰে সৈতে এই ছবি ভাইৰেল কৰা হৈছে।
অনুসন্ধান
এই ভাইৰেল দাবীৰ সত্যতা বিচাৰ কৰিবৰ বাবে আমি সৰ্বপ্ৰথমে গুগলত কী-ৱৰ্ডেৰে বিচাৰ কৰিলো। কিন্তু এই সংক্ৰান্তীয় কোনো বাতৰি আমি লাভ নকৰিলো। তদুপৰি পশ্চিমবঙ্গৰ বহুল প্ৰচলিত বাতৰি কাকতৰ ডিজিটেল সংস্কৰণো পৰীক্ষা কৰিলো। আমি এই সম্বন্ধীয় কোনো প্ৰতিবেদন লাভ নকৰিলো। শেহতীয়াকৈ দেখা গৈছে যে পশ্চিমবঙ্গত বিজেপিৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, জে পি নাড্ডা, অমিত শ্বাহকে আদি কৰি বিজেপিৰ বিভিন্ন কেন্দ্ৰীয় নেতৃবৰ্গই ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ বাবে ব্যাপক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে। আমি আমাৰ অনুসন্ধানত দেখিবলৈ পাইছো যে বিজেপিৰ কোনো কেন্দ্ৰীয় নেতৃত্বই এনেধৰণৰ কোনো মন্তব্য কৰা নাই।
আমি আমাৰ অনুসন্ধান তিনিতৰপীয়া ব্যৱস্থাৰে কৰিছিলো –
১) ভাইৰেল হোৱা ABP আনন্দৰ ৱেবছাইট পৰীক্ষা – য’ত এনে কোনো বাতৰি প্ৰকাশ পোৱা নাই।
২) ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক মুখপাত্ৰ সুৰঞ্জন দত্তৰ সৈতে যোগাযোগ –
আমাক মুখপাত্ৰগৰাকীয়ে কয়, “এই স্ক্ৰীণশ্বটটো আমিও লাভ কৰিছো। এয়া সম্পূৰ্ণ ভিত্তিহীন আৰু কোনো দুষ্টচক্ৰৰ এয়া কু-অভিপ্ৰায় আৰু কোনো কেন্দ্ৰীয় নেতৃত্বই নিৰ্বাচনৰ পূৰ্বে এনেধৰণৰ মন্তব্য নকৰে।
৩) ভাইৰেল গ্ৰাফিক্সত ব্যৱহাৰ হোৱা ফ’ণ্ট বা লিপি – সাধাৰণতে এবিপি আনন্দৰ লগতে অন্যান্য নিউজ চেনেলে গ্ৰাফিক্স প্লেটত ব্যৱহাৰ কৰা ফ’ণ্ট – সোণাৰ বাংলা (Shonar Bangla) অথবা গীতাঞ্জলি (Geetanjali) গোটৰ হয়। পিছে এই ভাইৰেল প্লেটত ব্যৱহাৰ কৰা ফ’ণ্ট হৈছে বৃন্দা (Vrinda). তলত ভাইৰেল হোৱা ভুৱা ছবি আৰু এবিপি আনন্দৰ প্ৰকৃত ছবিৰ পাৰ্থক্য দেখুওৱা হৈছে।
শেষত আমি ফে’চবুকত এই ভাইৰেল হোৱা ফটো শ্বেয়াৰ কৰা ইউজাৰ টিনু দত্তৰ প্ৰ’ফাইল স্কেন কৰিলো। প্ৰ’ফাইলত উল্লেখ থকা তথ্য অনুসৰি এই ব্যক্তিগৰাকী অসমৰ চৰাইদেউ জিলাৰ সোণাৰিৰ বাসিন্দা। বাতৰি লিখাৰ পৰলৈকে ব্যক্তিগৰাকীৰ প্ৰ’ফাইলত ১৭১৩ গৰাকী ফ’ল’ৱাৰ্ছ আছে। ব্যক্তিগৰাকীয়ে প্ৰ’ফাইল ‘লক’ কৰি থোৱা হেতুকে অধিক তথ্য জানিব পৰা নগ’ল। তথাপি এই ইউজাৰগৰাকীয়ে প্ৰ’ফাইলত উল্লেখ কৰা অনুসৰি তেওঁ অসম প্ৰদেশ তৃণমূল কংগ্ৰেছ- চৰাইদেউ জিলাৰ সদস্য।
উপসংহাৰ – আমাৰ অনুসন্ধান অনুসৰি এই কথা স্পষ্ট যে কোনো বিজেপিৰ কেন্দ্ৰীয় পৰ্যৱেক্ষকে ২০২১ ত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ সম্ভাৱনীয়তা নাই বুলি মন্তব্য কৰা নাছিল। ভাইৰেল হোৱা ফটো সম্পূৰ্ণৰূপে বিভ্ৰান্তিকৰ। এই ফটো কোনো ফটো-সম্পাদনা কৰা ছফ্টৱেৰৰ সহায়ত প্ৰস্তুত কৰা হৈছিল।